ETV Bharat / bharat

Vikram Misri appointed as Deputy NSA : বিক্ৰম মিছৰীক উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি - চীনত কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বিক্ৰম মিছৰী

চীনত কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বিক্ৰম মিছৰীক উপ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে নিযুক্তি(Vikram Misri is new Deputy NSA) । ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া মিছৰীয়ে চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰদূতৰ দায়িত্ব এৰিছিল ।

Vikram Misri appointed as Deputy NSA
বিক্ৰম মিছৰীক উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি
author img

By

Published : Dec 28, 2021, 12:23 PM IST

নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ : ভাৰত-চীনৰ সীমা বিবাদৰ সময়ত চীনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা বিক্ৰম মিছৰীক ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিবালয়ত উপ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে (Vikram Misri is new Deputy NSA) । ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া মিছৰীয়ে চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰদূতৰ দায়িত্ব এৰিছিল ।

বৰ্তমান ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া প্ৰদীপ কুমাৰ ৰাৱটে চীনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে সেৱা আগবঢ়াই আছে (Pradeep Rawat appinted as Indian Ambassador to China) । ইয়াৰ পূৰ্বে নেডাৰলেণ্ডত ভাৰতীয় দূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৰাৱটে । ৰাৱটে মাণ্ডাৰিণ ভাষা সুন্দৰকৈ ক'ব পাৰে । পূৰ্বেও তেওঁ হংকং আৰু বেইজিংত কৰ্মৰত হৈ আছিল ।

Vikram Misri appointed as Deputy NSA
বিক্ৰম মিছৰীক উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি

যোৱা ২০ মাহ ধৰি ভাৰত আৰু চীনৰ মাজত অব্যাহত থকা বিবাদ নিষ্পত্তি কৰাটো তেওঁৰ হ'ব মুখ্য দায়িত্ব ৷ ভাৰত-চীন সীমান্ত পৰিক্ৰমা বৈঠকৰ শেহতীয়া আলোচনা চলিত বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল । দুয়োখন দেশে পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰে জড়িত বিবাদসমূহৰ আগতীয়া সমাধান বিচাৰি উলিওৱাত সন্মত হয় । সীমান্তত যাতে পুনৰ শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব পাৰি, তাৰ বাবে দ্বিপাক্ষিক চুক্তি আৰু প্ৰট'কল সম্পূৰ্ণৰূপে পালন কৰাৰ বাবে সন্মত হয় ৰাৱট ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰা মতে, এই সময়চোৱাত যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত যাতে নহয়, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বাবে ভাৰত আৰু চীন সন্মত হৈছে । অৱশ্যে যিকোনো ভাবুকি প্ৰতিহত কৰিবলৈ দুয়োখন দেশে শীতকালতো সীমান্তত জোৱানৰ নিয়োজন বৃদ্ধি কৰিছে । সীমান্তৰ কাষত প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনা নিয়োজিত কৰা হৈছে ।

লগতে পঢ়ক: Kanpur Metro Rail Project : আজি কানপুৰত মেট্ৰ' ৰে'ল প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.