ETV Bharat / bharat

ড৹ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ

author img

By

Published : Jul 27, 2021, 2:27 PM IST

মঙলবাৰে ষষ্ঠ সংখ্যক মৃত্যু বাৰ্ষিকীত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম(DR. A P J Abdul Kalam)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু(M Venkaiah Naidu)ৱে । ড০ এ পি জে আব্দুল কালামে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে । ২০১৫ চনৰ আজিৰ দিনটোতে ড০ এ পি জে আব্দুল কালামৰ দেহাৱসান ঘটে ।

Vice President M Venkaiah Naidu paid tributes to Former president A P J Abdul Kalam
ড০ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ

নেশ্যনেল ডেস্ক, ২৭ জুলাই: মঙলবাৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ আবুল পাকিৰ জয়নুলআবেদিন আব্দুল কালাম (DR. A P J Abdul Kalam)ৰ ষষ্ঠ সংখ্যক মৃত্যু বাৰ্ষিকী । আজি সমগ্ৰ দেশবাসীয়ে প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে । উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱেও (M Venkaiah Naidu) ষষ্ঠ সংখ্যক মৃত্যু বাৰ্ষিকীত ড৹ এ পি জে আব্দুল কালামৰ অৱদানসমূহৰ বিষয়ে স্মৰণ কৰে । টুইটযোগে তেওঁ কয় যে, প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীয়ে আগবঢ়োৱা অৱদানে দেশৰ প্ৰতিৰক্ষা আৰু মহাকাশ ক্ষেত্ৰৰ ক্ষমতা শক্তিশালী কৰিছে ।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী একাধাৰে পৰমাণু বিজ্ঞানী, লেখক, কবি আৰু শিক্ষাবিদ আছিল আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ নিজকে জিলিকাই তুলিবলৈ সক্ষম হৈছিল । ১৯৩১ চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰমৰ এটা তামিল-মুছলিম পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল । অধ্যাৱসায়ৰ বলত হাজাৰ বাধাকো নেওচি নিজকে এটুকুৰা মূল্যবান ৰত্ন হিচাপে উজ্বলাই তুলিছিল এইগৰাকী মহান মণিষীয়ে ।

দেশৰ ১১ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছিল । ২০০২ চনৰ পৰা ২০০৭ চনলৈ তেওঁ ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়ায় ।

দেশৰ উন্নয়নৰ বাবে ওৰেটো জীৱন সেৱা আগবঢ়াই অৱশেষত ২০১৫ চনৰ আজিৰ দিনটোতে ড৹ এ পি জে আব্দুল কালামে চিৰবিদায় মাগে । ৮৩ বছৰ বয়সলৈকে অৰ্থাৎ তেওঁৰ মৃত্যু সময়লৈকে সেৱা আগবঢ়াই গৈছিল । দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ১৯৯৭ চনত ড৹ এ পি জে আব্দুল কালামলৈ ভাৰত ৰত্ন(Bharat Ratna) সন্মান আগবঢ়োৱা হয় । তেওঁ কৰা সেৱাৰ বাবে ‘পদ্মভূষণ’ আৰু ‘পদ্মবিভূষণ’ উপাধিৰেও সন্মানিত কৰা হয় ৷

লগতে পঢ়ক:আজি ড৹ এ পি জে আব্দুল কালামৰ ষষ্ঠ তম মৃত্যু বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.