ETV Bharat / bharat

বাংলা অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান

author img

By

Published : Nov 15, 2020, 12:37 PM IST

Updated : Nov 15, 2020, 1:26 PM IST

সৌমিত্ৰ চেটাৰ্জী আৰু নাই ৷ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰৱীন অভিনেতা গৰাকীয়ে ৷

Veteran Bangla actor Soumitra 'not responding at all': Medical board head
স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে সুমিত্ৰ চেটাৰ্জীৰ

নিউজ ডেস্ক, 15 নৱেম্বৰ: প্ৰবীণ বাংলা অভিনেতা সৌমিত্ৰ মুখাৰ্জী আৰু নাই ৷ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰৱীন অভিনেতা গৰাকীয়ে ৷ দেওবাৰে পুৱা প্ৰবীণ অভিনেতাজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ চিকিৎসকৰ চিকিৎসাৰ প্ৰতি একেবাৰে সঁহাৰি দিয়া নাছিল আৰ্শী উৰ্ধৰ অভিনেতাজনে ৷

সৌমিত্ৰ চেটাৰ্জীক ৫ অক্টোবৰত কৰ’না ভাইৰাছৰ বাবে ইতিবাচক পৰীক্ষা কৰা হয় আৰু 6 অক্টোবৰত কলকাতাৰ বেলে ভিউ হাস্পতালত ভৰ্তি কৰা হৈছিল । প্ৰবীণ অভিনেতাজনক পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে হাস্পতাল কৰ্তৃপক্ষই প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অভিনেতাজনৰ ৷

৮৫ বছৰীয়া সৌমিত্ৰ চেটাৰ্জীক দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল ৷ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে তেওঁ অভিনেতা পৰব্ৰত চট্টোপাধ্যায়ৰ পৰিচালনা নিৰ্মিত ‘অভিযান’ শীৰ্ষক তথ্যচিত্ৰ খনত শ্বুটিং কৰি আছিল । তেওঁ 1 অক্টোবৰত ভাৰতলক্ষ্মী ষ্টুডিঅ'ত শেষবাৰ শ্বুটিং কৰিছিল । ছবিখনৰ পৰৱৰ্তী শ্বুটিং 7 অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছিল ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Last Updated : Nov 15, 2020, 1:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.