ঘৰৰ সুখ আৰু শান্তি বৰ্তাই ৰখা তথা নেতিবাচক শক্তি দূৰ কৰাৰ বাবে শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে । সেই প্ৰতিকাৰৰ এক অন্যতম হ'ল ময়ূৰৰ পাখি । ঘৰত ময়ূৰৰ পাখি থাকিলে বাস্তু ত্ৰুটিবোৰ দূৰ হয় । আনহাতে, যদি ইয়াক সঠিক দিশত ৰখা হয়, তেতিয়া ঘৰত কেতিয়াও ধনৰ অভাৱ নহয় আৰু সফলতাৰ বাট মুকলি হয় । কিন্তু বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি ময়ূৰৰ পাখি ঘৰৰ কোন দিশত ৰাখিলে ঘৰত সুখ-শান্তি তথা সমৃদ্ধিয়ে বাস কৰিব, সেই বিষয়ে হয়তো বহুলোকেই জ্ঞাত নহয় । আজি এই বিষয়ে বিতংভাৱে জানো আহক-
- ময়ূৰৰ পাখি ঘৰৰ দক্ষিণ-পূব দিশত ৰখাটো অতি শুভ । পূব দিশটো সূৰ্য আৰু ইন্দ্ৰ দেৱতাৰ বুলি গণ্য কৰা হয় । সেয়েহে, এই দিশত ময়ূৰৰ পাখি ৰাখিলে আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহ'ব ।
- উত্তৰ-পশ্চিম দিশতো ময়ূৰৰ পাখি ৰখাটো শুভ বুলি গণ্য কৰা হয় । কিন্তু যদিহে আপোনাৰ ৰাশিফলত ৰাহুৰ দশা থাকে, তেতিয়াহে আপুনি এই দিশত ময়ূৰৰ পাখি ৰাখিব পাৰে । ই ৰাহুৰ দশা দূৰ কৰি ঘৰলৈ সমৃদ্ধি কঢ়িয়াই আনে ।
লগতে পঢ়ক: Laddu Recipe: মাত্ৰ ১৫ মিনিটতে তৈয়াৰ কৰক এই সুস্বাদু বুন্দিয়াৰ লাৰু, জানি লওক সহজ ৰেচিপি
- ময়ূৰৰ পাখি শিক্ষাৰ্থীসকলৰ বাবেও অতি বিশেষ বুলি গণ্য কৰা হয় । যদি শিক্ষাৰ্থীসকলে ইয়াক তেওঁলোকৰ কিতাপখনৰ মাজত বা অধ্যয়ন কক্ষত ৰাখে, তেনেহ'লে তেওঁলোক অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী হ’ব ।
- যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত সকলো সময়তে বিভেদ থাকে, তেন্তে আপুনি ঘৰৰ পূব দিশৰ দেৱালত সাতটা ময়ূৰৰ পাখি একেলগে ৰাখিব । এনে কৰাৰ ফলত সকলো বিভেদ দূৰ হোৱাৰ লগতে পৰিয়ালকেন্দ্ৰিক সমস্যাবোৰৰ পৰাও পৰিত্ৰাণ পাব ।
- যদি আপোনাৰ বিবাহিত জীৱনত সমস্যা আছে, তেন্তে দুটা ময়ূৰৰ পাখি আপোনাৰ শোৱনি কোঠাত ৰাখিব । ই আপোনাৰ বৈবাহিক জীৱনৰ সমস্যাবোৰ আঁতৰ কৰাৰ লগতে সম্পৰ্কটো মধুৰ কৰি তুলিব ।
লগতে পঢ়ক: Father's Day 2023: এইবাৰ পিতৃ দিৱস কৰি তোলক বিশেষ, আপোনাৰ পিতৃৰ বাবে কৰক এইসমূহ কাম