ETV Bharat / bharat

Valentine Week: এপাহ গোলাপৰ পৰা জীৱনজোৰা প্ৰতিশ্ৰুতিলৈ

author img

By

Published : Feb 8, 2022, 6:43 PM IST

বছৰৰ 7 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ বিশ্বজুৰি পালন কৰা হয় প্ৰেমৰ সপ্তাহ হিচাপে (Valentine Week) ৷ সপ্তাহটোৰ প্ৰতিটো দিনেই উদযাপন কৰা হয় সুকীয়া সুকীয়া বিশেষত্বৰে ৷

Valentine Week
এপাহ গোলাপৰ পৰা জীৱনজোৰা প্ৰতিশ্ৰুতিলৈ

নিউজ ডেস্ক: ভালপোৱা সংজ্ঞাবিহীন ৷ এক বুজাব নোৱাৰা, বুজিব নোৱাৰা শিহৰণেই ভালপোৱা ৷ বয়সক উপেক্ষা কৰি বুকুৱে বুকুৱে বিয়পি থাকে ভালপোৱাৰ ৰং ৷ এই প্ৰেম, ভালপোৱাৰ বাবে নিৰ্দিষ্ট কোনো দিনৰ প্ৰয়োজন নহয় যদিও প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ পৰা 14 তাৰিখলৈ বিশ্বজুৰি পালন কৰি অহা হৈছে ভেলেন্টাইন সপ্তাহ হিচাপে (Valentine Week) ৷ হয়টো আপুনি প্ৰেমৰ সম্পৰ্কত নাই, হয়টো আপোনাক ভালপোৱাই শিঁহৰিত কৰা নাই অথবা বিশেষজনক আপুনি বিচাৰি পোৱা নাই, তথাপি এই বিশেষ সপ্তাহটোক উপেক্ষা কৰিব নোৱাৰে । সপ্তাহটোৰ প্ৰতিটো দিনৰে আছে বিশেষ গুৰুত্ব ৷ ৰ’জ ডে’ৰে সপ্তাহটোৰ বাকী দিনকেইটা একাদিক্ৰমে প্ৰপ’জ ডে’, চকলেট ডে’, টেডি ডে’, প্ৰমিছ্ ডে’, হাগ্ ডে’, কিচ্ ডে’ আৰু শেষৰ দিনটোত ভেলেণ্টাইন ডে’ হিচাপে পালন কৰা হয় ৷

জানো আহক সাতোদিনৰ তাৎপৰ্যসমূহ...

7 ফেব্ৰুৱাৰী: ৰ’জ ডে’

গোলাপক আমি প্ৰেমৰ প্ৰতীক হিচাপে গ্ৰহণ কৰোঁ ৷ সেয়েহে এই দিনটোত প্ৰেম, বিশ্বাস, সন্মানৰ প্ৰতীক হিচাপে গোলাপৰ আদান-প্ৰদান কৰা হয় ৷ প্ৰেমতো থাকে বন্ধুত্ব ৷ যাৰ সংকেত বহন কৰে গোলাপে ৷ ৰঙা ৰঙৰ গোলাপে প্ৰেমৰ অভিব্যক্তি প্ৰকাশ কৰাৰ বিপৰীতে হালধীয়া ৰঙৰ গোলাপেৰে বন্ধুত্বৰ প্ৰস্তাৱ দিয়া হয় ৷

8 ফেব্ৰুৱাৰী: প্ৰপ’জ ডে’

ভেলেণ্টাইন সপ্তাহৰ দ্বিতীয়টো দিন ৷ বিশেষজনক ক’ম ক’ম বুলি কোৱা নোহোৱা বিশেষ কথাটো এই দিনটোতে বিনাদ্বিধাই কোৱা হয় ৷ প্ৰস্তাৱ দিয়া হয় প্ৰেমৰ ৷ আজীৱন একেলগে থাকিবলৈ বিচৰাজনক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ আগবঢ়োৱা এই দিনটো ৰ’জ ডে'ৰ পিছতে বিশেষ দিন হিচাপে গ্ৰহণ কৰা হয় ৷

9 ফেব্ৰুৱাৰী: চকলেট ডে’

ভাল লগাজনক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছত তেও সেই প্ৰস্তাৱ গ্ৰহণেই কৰক অথবা অগ্ৰাহ্য কৰক, এক মিঠা অনুভূতি প্ৰকাশ কৰিবলৈ এই দিনটোত চকলেট, মিঠাই যঁচা হয় ৷ চকলেট ডে’ক দম্পতিসকলে বছৰটোৰ আটাইতকৈ মধুৰ দিন হিচাপে বিবেচনা কৰে ৷

10 ফেব্ৰুৱাৰী: টেডি ডে’

ভাল পোৱাজনৰ অনুপস্থিতিয়ে যাতে নিসংগতাৰ অনুভৱ কৰাব নোৱাৰে, তাৰ বাবেই এই বিশেষ দিনটোত এটা টেডী বিয়েৰ উপহাৰ দিয়া হয় ৷ যাতে প্ৰিয়জনক টেডী বিয়েৰটোৰ মাজতেই বিচাৰি লৈ আলিঙ্গন কৰিব পাৰে ৷

11 ফেব্ৰুৱাৰী: প্ৰমিছ্ ডে’

এক হোৱা দুটি মন আজীৱন এক হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়া হয় এই দিনটোত ৷ প্ৰতিশ্ৰুতি দিয়া হয়, জীৱন বাটৰ প্ৰতিটো ঘাত-প্ৰতিঘাটত দুয়ো একলগে খোজ দিব ৷ স্থায়ী কৰিব এই সম্পৰ্ক ৷

12 ফেব্ৰুৱাৰী: হাগ ডে’

ভালপোৱাজনক এবাৰ চুই চোৱাৰ, আলিংগন কৰাৰ হেঁপাহে প্ৰতিপলত আমনি কৰে ৷ এই বিশেষ দিনটোত প্ৰেমাস্পদৰ আলিংগনেৰে সাহস দিয়ে দুয়ো দুয়োকে ৷

13 ফেব্ৰুৱাৰী: কিচ্ ডে’

সম্পৰ্ক সুদৃহ কৰাৰ পিছত উদযাপন কৰা হয় এই দিনটো ৷ ভেলেণ্টাইন ডে’ৰ প্ৰাকক্ষণত চুম্বনেৰে প্ৰেমৰ সম্পৰ্কক এক বিশেষ গতি দিয়া হয় ৷ প্ৰিয়জনৰ ওচৰত স্নেহ প্ৰকাশ কৰা হয় ৷

14 ফেব্ৰুৱাৰী: ভেলেণ্টাইন দিৱস

প্ৰেমৰ দিন হিচাপে উদযাপন কৰা হয় ৷ ইজনে-সিজনক দিয়ে অফুৰন্ত সময় ৷ ৰোমান্টিক ভঙ্গী প্ৰকাশ, উপহাৰ আদান-প্ৰদান কৰি বিশেষ দিন হিচাপে উদযাপন কৰা হয় এই দিনটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.