ETV Bharat / bharat

Vaishno Devi stampede : মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ - বৈষ্ণো দেৱী মন্দিৰ চৌহদতে পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে ১২ জনে

শনিবাৰে পুৱতি নিশা কাটাৰৰ বৈষ্ণো দেৱী মন্দিৰত সংঘটিত শোকাৱহ ঘটনাত (Vaishno Devi stampede) প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে (Ex gratia relief to victims of Vaishno Devi stampede) ৷

PM announces ex gratia of Rs 2 lakh each for kin of victims
মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ
author img

By

Published : Jan 1, 2022, 10:21 AM IST

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : নতুন বছৰৰ প্ৰথম দিনটোতে সংঘটিত এক শোকাৱহ ঘটনাই মৰ্মাহত কৰিছে সমগ্ৰ দেশবাসীক । নৱবৰ্ষৰ প্ৰথম পুৱা বৈষ্ণো দেৱীৰ আশীষ ল'বলৈ গৈ ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ল বহু ভক্তই । অত্যাধিক ভিৰৰ বাবে শনিবাৰে পুৱতি নিশা কাটাৰৰ বৈষ্ণো দেৱী মন্দিৰ চৌহদতে পদপিষ্ট (Vaishno Devi stampede) হৈ প্ৰাণ হেৰুৱালে ১২ জন লোকে । এই মৰ্মান্তিক ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

তেওঁ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে (Ex gratia of Rs 2 lakh to Vaishno Devi stampede victim) । আনহাতে, আহতসকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব বুলি তেওঁ ঘোষণা কৰিছে (Modi announced relief to Vaishno Devi stampede victim) ।

উল্লেখ্য যে, বৈষ্ণো দেৱীৰ মন্দিৰত সংঘটিত হোৱা ঘটনাত কমেও ১২ জনৰ মৃত্যু হোৱাৰ লগতে ১৩ জন লোক আহত হয় । জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে প্ৰকাশ কৰা মতে, শনিবাৰে প্ৰায় ২.৪৫ বজাত কেইগৰাকীমান ভক্তৰ মাজত সামান্য তৰ্কাতৰ্কি হয় । ইয়াৰ পাচতে এজনে আনজনক ঠেলি দিয়াত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ।

ৰিয়াচীৰ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ গোপাল দত্তই জনোৱা মতে, দিল্লী, হাৰিয়ানা, পঞ্জাৱৰ লগতে জম্মু-কাশ্মীৰৰ এজন লোক এই ঘটনাত আহত হৈছে । আহতসকলক নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই শোকাৱহ ঘটনা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাৰ সৈতে আলোচনা কৰিছে (Modi spoken to J&K governor over Katra stampede) ।

লগতে পঢ়ক: 12 dead at Mata Vaishno Devi Temple : কাটৰাত বৈষ্ণো দেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু 12 জনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.