ETV Bharat / bharat

নেপালৰ ৰাষ্ট্ৰদূতৰে সাক্ষাৎ সৎপাল মহাৰাজৰ

author img

By

Published : Apr 3, 2021, 6:13 PM IST

ভাৰত-নেপালৰ সম্পৰ্ক আৰু অধিক মজবুত কৰি তোলাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সৎপাল মহাৰাজৰ সাক্ষাৎ নেপালৰ ৰাষ্ট্ৰদূত নীলম্বৰ আচাৰ্যক । ইয়াৰোপৰি, পাৰস্পৰিক সমন্বয়, সহযোগিতা আদিৰে আগবাঢ়ি যোৱা আৰু পঞ্চেশ্বৰ বান্ধৰ ওপৰতো আলোচনা কৰে দুয়োগৰাকী নেতাই ।

নেপালৰ ৰাষ্ট্ৰদূতৰে সাক্ষাৎ সতপাল মহাৰাজৰ

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সৎপাল মহাৰাজে নেপালৰ ৰাষ্ট্ৰদূত নীলম্বৰ আচাৰ্যক সাক্ষাৎ কৰে । নতুন দিল্লীৰ নেপাল দূতাবাসত সাক্ষাৎ কৰে দুয়োগৰাকী নেতাই । দুয়োখন দেশৰ মাজৰ সম্পৰ্ক মজবুত কৰাৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰে দুয়োগৰাকী নেতাই । ইয়াৰোপৰি, দুয়োগৰাকী নেতাই পাৰস্পৰিক সমন্বয়, সহযোগিতা আদিৰে আগবাঢ়ি যোৱা আৰু পঞ্চেশ্বৰ বান্ধৰ ওপৰতো আলোচনা কৰে । এই কথা মন্ত্ৰী সৎপাল মহাৰাজে টুইটাৰযোগে জনায় ।

সাক্ষাতকালত মহাৰাজে ভাৰত-নেপালৰ মুকলি সীমাই দুয়োখন দেশৰ জনসাধাৰণৰ যাতায়ত ব্যৱস্থা অতি সহজ কৰি তুলিছে বুলি কয় । লগতে দুয়োখন দেশৰ লোকৰ মাজত আন্তৰিক আৰু সুসম্পৰ্ক আছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

বিজেপি নেতাগৰাকীয়ে লগতে কয় যে নেপাল ভাৰতৰ এক গুৰুত্বপূৰ্ণ বাণিজ্য অংশীদাৰ । বহু যুগৰে পৰা দুয়োখন দেশৰ মাজত ভৌগোলিক, ঐতিহাসিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ বাবে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে । ইয়াৰোপৰি, দুয়োখন দেশে হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ভেদাভেদ নাৰাখে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে দেশৰ পাঁচখন ৰাজ্য ছিকিম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডই মিলি দুয়োখন দেশে ১৮৫০ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ সীমান্তৰে যাতায়ত কৰে বুলিও এইদৰে কয় । তেওঁ লগতে কয় যে দুয়োখন দেশে পৰ্যটন ক্ষেত্ৰ বৃদ্ধিৰ বাবে পাৰস্পৰিক সহযোগিতাৰে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।

উল্লেখ্য যে, পঞ্চেশ্বৰ বান্ধকে ধৰি নেপালৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ভাৰত এক গুৰুত্বপূৰ্ণ বাণিজ্য অংশীদাৰ । সেয়েহে, পাৰস্পৰিক বন্ধুত্ব আৰু সহযোগিতাৰ সৈতে দুয়ো দেশে বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে আগবাঢ়ি যোৱাটো প্ৰয়োজনীয় বুলি কয় পৰ্যটন মন্ত্ৰী সৎপাল মহাৰাজে ।

লগতে পঢ়ক: কানপুৰত স্বাস্থ্য বিভাগৰ চৰম গাফিলতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.