ETV Bharat / bharat

শ্যামা প্ৰসাদ মুখাৰ্জীৰ কি সপোন পূৰালে নৰেন্দ্ৰ মোডীয়ে ? - ড০ শ্যামা প্ৰসাদ মুখাৰ্জী

১২০ সংখ্যক জন্ম বাৰ্ষিকীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে । মঙলবাৰে তেওঁ ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰি তেওঁ অৱদানৰ বিষয়ে স্মৰণ কৰে । এই অনুষ্ঠানতে তেওঁ জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা কৰে । তেওঁ কয় যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন পূৰণ কৰিলে ।

Uttarakhand Chief Minister Pushkar Singh Dhami Pays tributes to Syama Prasad Mukherjee
ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰৰ প্ৰসংগ উত্থাপন উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jul 6, 2021, 8:35 PM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই : ১২০ সংখ্যক জন্ম বাৰ্ষিকীত সমগ্ৰ দেশবাসীয়ে স্মৰণ কৰিছে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক । মঙলবাৰে উত্তৰাখণ্ডৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও মহান নেতাগৰাকীক স্মৰণ কৰে । ড০ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত তেওঁৰ নামেৰে নামকৰণ কৰা এখন উদ্যানত তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ধামীয়ে । ৰাজনীতিবিদ, শিক্ষাবিদ তথা চিন্তাবিদগৰাকীয়ে দেশৰ একতাৰে বাবে আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে মুখ্যমন্ত্ৰী ধামীয়ে ।

ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰীগৰাকীয়ে বিজাপুৰৰ গৃহত ড০ মুখাৰ্জীৰ এখন প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে । অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি মদন কৌশিক, কেবিনেট মন্ত্ৰী গণেশ যোশী আৰু ডেৰাডুনৰ মেয়ৰ সুনীল ইউনিয়াল গামাৰ । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা কৰে ।

তেওঁ কয় যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন পূৰণ কৰিলে । ড০ মুখাৰ্জীয়ে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ কৰাৰ বাবে প্ৰথমে দাবী উত্থাপন কৰিছিল । লগতে এক অভিযানৰো নেতৃত্ব দিছিল । দেশবাসীক একতাৰ এনাজৰীৰে বান্ধি সুস্থ সমাজ গঢ়াৰ সপোন দেখিছিল ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মঙলবাৰে ১২০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । টুইটযোগে তেওঁ শিক্ষাবিদগৰাকীয়ে আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে ।

লগতে পঢ়ক:'প্ৰেছ ফ্ৰীডম প্ৰিডেটৰ'ৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.