ETV Bharat / bharat

Ghaziabad Road Accident : দিল্লী-মিৰাট এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৬ - Six killed in school bus SUV collision

মঙলবাৰে পুৱা প্ৰায় ৬ বজাত দিল্লী-মিৰাট এক্সপ্ৰেছৱেত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত ৬ জল লোকৰ মৃত্যু হয় ।

Ghaziabad Road Accident
Ghaziabad Road Accident
author img

By

Published : Jul 11, 2023, 2:13 PM IST

গাজিয়াবাদত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১১ জুলাই : মঙলবাৰে পুৱাতে উত্তৰ প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাটোত ৬ জন লোকৰ মৃত্যু হয় । আৰক্ষী সূত্ৰে জানিব পৰা মতে, মঙলবাৰে পুৱা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ দিল্লী-মীৰাট এক্সপ্ৰেছৱেত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । এখন স্কুল বাছ আৰু এছইউভিৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় । গাড়ী দুখনৰ সংঘৰ্ষ ফলত এগৰাকী মহিলাসহ কমেও ছয়জন লোক নিহত হয় আৰু আন দুজন আহত হয় ।

এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ৰাহুল বিহাৰৰ ওচৰত মঙলবাৰে পুৱা প্ৰায় ৬ বজাত দুৰ্ঘটনাটো সংঘটিত হয় । অৱশ্যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত স্কুল বাছখনত কোনো ছাত্ৰ-ছাত্ৰী নাছিল । আৰক্ষী বিষয়াজনে লগতে জনায় যে স্কুল বাছখন ভুল দিশৰ পৰা আহি আছিল ।

"গাজীপুৰৰ ওচৰৰ দিল্লীৰ পৰা চিএনজি ভৰ্তি কৰাৰ পিচত বাছ চালকজনে বাছখন ভুল দিশেৰে চলাই আহি আছিল । আনহাতে, গাড়ীখনত থকা লোকসকল মিৰাটৰ পৰা আহি আছিল আৰু তেওঁলোক গুৰুগ্ৰামলৈ গৈ আছিল ।" সংবাদ সংস্থা এএনআয়ে অতিৰিক্ত আৰক্ষী উপায়ুক্তৰ (যান-বাহন) উদ্ধৃতি দি এই কথা কয় ।

"আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত এক্সপ্ৰেছৱেটোত যান-বাহন চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হয় । আমি দুৰ্ঘটনাস্থলীৰ পৰা দুয়োখন বাহন আঁতৰোৱাৰ বাবে এইটো কৰা হয় । আমি ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু মটৰ বাহন আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিম । আমি বাছ চালকজনক আটক কৰিছোঁ ।" বিষয়াজনে লগতে কয় ।

উল্লেখ্য, ইয়াৰ পূৰ্বে সোমবাৰে উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত এখন দ্ৰুতবেগী টেংকাৰৰ টেম্পোৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত কমেও নজন লোক নিহত হৈছিল । প্ৰতাপগড়ৰ লীলাপুৰ আৰক্ষী থানা অঞ্চলৰ মোহনগঞ্জ বজাৰৰ ওচৰৰ লক্ষ্ণৌ-বাৰাণসী ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল ।

লগতে পঢ়ক :Andhra Pradesh Bus Accident : বিয়ালৈ গৈ আছিল; নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ৭ জনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.