ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ বলৰামপুৰত নাবালিকাক দলবদ্ধ ধৰ্ষণ

উত্তৰ প্ৰদেশৰ বলৰামপুত এগৰাকী নাবালিকাক ধৰ্ষণ কৰে 8 জনকৈ লোকে ৷ বিগত 20 দিনে নিখোজ হৈ থকা নাবালিকা গৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দুজনকৈ অভিযুক্তক ৷

cg_blr_01_Rape aaropi arrest_avb_CGC10126
উত্তপ প্ৰদেশৰ বলৰামপুৰত নাবালিকাক ধৰ্ষণ 8 জনকৈ লোকৰ
author img

By

Published : Dec 7, 2020, 4:12 PM IST

নেশ্যনেল ডেস্ক,7 ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ জিলাখনৰ ৰাজপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বগাডী গাঁৱত বিগত 20 নৱেম্বৰত এগৰাকী নাবালিকা নিখোজ হৈছিল ৷ এই সন্দৰ্ভত আৰক্ষী চকীত গোচৰ ৰুজু কৰাত তাৎক্ষণিকভাৱে আৰক্ষীয়ে নাবালিকা গৰাকীক বিচাৰি অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে নাবালিকা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় য’ত বিগত 13 দিনত 8 জনকৈ লোকে নাবালিকা গৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণ কৰাৰ কথা ব্যক্ত কৰে ৷

cg_blr_01_Rape aaropi arrest_avb_CGC10126
নাবালিকা ধৰ্ষণৰ অভিযুক্ত

নাবালিকাৰ অভিযোগৰ ভিত্তিত POSCO আইনৰ অধীনত আটইকেইজন অভিযুক্তকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মন্তব্য কৰি কয়, বিগত 20 নৱেম্বৰত স্থানীয় গাঁৱৰ কিছু সংখ্যক লোকে এগৰাকী নাবালিকা নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল ৷ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে নাবালিকা গৰাকীক বিচাৰি অভিযান আৰম্ভ কৰে ৷ নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ পিছতে মহিলা বিষয়াৰে কথা পতাই দিয়া হয় ৷ য’ত নাবালিকা গৰাকীয়ে বিগত 13 দিনত 8 জনকৈ লোকে তেখেতৰ ওপৰত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ এই অভিযোগৰ ভিত্তিতে সম্প্ৰতি 2 জনকৈ লোকক আটক কৰা হৈছে ৷

লগতে পঢ়ক-COVID-১৯: ভাৰতত নতুনকৈ ৩২,৯৮১ জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.