ETV Bharat / bharat

UP Election 2022: থোৰতে জানক উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ বিষয়ে

author img

By

Published : Feb 9, 2022, 10:33 PM IST

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচন (UP Assembly Election 2022)৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ পশ্চিম অংশৰ ১১ খন জিলাত ব্যাপ্ত হৈ থকা ৫৮ খন বিধানসভা আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ১০ মাৰ্চত হ’ব ভোট গণনা ৷

UP Election 2022
থোৰতে জানক উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ বিষয়ে

লক্ষ্নৌ, ৯ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব সাতটা পৰ্য্যায়ত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধান সভাৰ বাবে যুঁজ (UP Assembly Election 2022)। বৃহস্পতিবাৰে ৰাজ্যখনৰ পশ্চিম অংশৰ ১১ খন জিলাত ব্যাপ্ত হৈ থকা ৫৮ খন বিধানসভা আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । মন কৰিবলগীয়া যে, ৭ মাৰ্চত সমাপ্ত হ'বলগীয়া এই সাতটা পৰ্যায়ৰ নিৰ্বাচনে উত্তৰ প্ৰদেশৰ বিধান সভাৰ ৪০৩ জন সদস্যৰ ভাগ্য নিৰ্ণয় কৰিব । নিৰ্বাচনী আয়োগৰ অধিসূচনা অনুসৰি ১০ মাৰ্চত ভোট গণনা অনুস্থিত হ'ব ।

উত্তৰ প্ৰদেশৰ উপৰিও এই বৰ্ষত পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডতো নিৰ্বাচন অনুষ্ঠিত হ'ব । পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্য্যায়ত ভোট গ্ৰহন অনুস্থিত হ’ব যদিও মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

বৃহস্পতিবাৰে দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মতে ক’ভিড প্ৰট’কল অনুসৰি এই সমষ্টি সমূহত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব । ভোটগ্ৰহণ সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব । প্ৰথম পৰ্যায়ত যিসকল মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব তেওঁলোকৰ ভিতৰত আছে শ্ৰীকান্ত শৰ্মা, সুৰেশ ৰাণা, সন্দীপ সিং, কপিল দেৱ আগৰৱালা, অতুল গাৰ্গ আৰু চৌধুৰী লক্ষ্মী নাৰায়ণ ।

প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনত প্ৰায় ৬২৩ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু প্ৰায় ২.২৭ কোটি ভোটদাতাই বৃহস্পতিবাৰে নিৰ্ণয় কৰিব তেওঁলোকৰ ভাগ্য । বিজেপিয়ে ২০১৭ চনক নিৰ্বাচনত ৫৮ খন আসনৰ ভিতৰত ৫৩ খনেই লাভ কৰিছিল, আনহাতে সমাজবাদী পাৰ্টি আৰু বিএছপিয়ে দুখনকৈ আসন লাভ কৰাৰ বিপৰিতে ৰাষ্ট্ৰীয় লোক দলে এখন আসন লাভ কৰিছিল ।

জাট অধ্যুষিত অঞ্চলৰ ভোটে প্ৰভাৱিত কৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনক:

উত্তৰ প্ৰদেশৰ এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰধানকৈ জাট লোকসকলৰ অধ্যুষিত অঞ্চল সমূহত হ’ব । ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন এই কাৰনেই গুৰুত্বপূৰ্ণ কাৰন এই অঞ্চলৰ লোকসমূহে বিশেষকৈ কৃষকসকলে দেশৰ ৰাজধানীত তিনিখন কৃষি আইনৰ বিৰুদ্ধে হোৱা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । কাজেই যদি এই অঞ্চলত বিজেপি বিৰোধী ঢৌৱে ভোটাৰসকলক প্ৰভাৱিত কৰে তেন্তে সেয়া হ’ব পাৰে শাসনাধিষ্ঠ দলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহ হৈছে ছামলি, হাপুৰ, গৌতম বুদ্ধ নগৰ, মুজাফ্ফৰনগৰ, মীৰাট, বাগপত, গাজিয়াবাদ, বুলন্দচহৰ, আলিগড়, মথুৰা আৰু আগ্ৰা । উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল হিচাপে খ্যাত এই অঞ্চলৰ জৌনপুৰ, গাজীপুৰ, চান্দৌলি, মিৰ্জাপুৰ আৰু ভদোহী জিলাত থকা কমেও ৩৬ খন আসনে এইবাৰ নিৰ্বাচনৰ পাছত ৰাজ্যখনত চৰকাৰ গঠনত এক গেমচেঞ্জাৰ হ'ব বুলি অনুমান কৰা হৈছে । এই ৩৬ খন আসন বাৰাণসী সংসদীয় সমষ্টিৰ অধীনত আহিছে য'ৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে দুবাৰকৈ লোকসভাক প্ৰতিনিধিত্ব কৰিছে ।

যদি পূৰ্বৰ নিৰ্বাচনৰ পৰিসংখ্যা লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে এই ৩৬ খন আসনত সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলেই উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল । উদাহৰনস্বৰূপে ২০০৭ চনত, উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰা মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টিয়ে (বিএছপি) তেতিয়া এই ৩৬ খনৰ ভিতৰত 20 খনেই দখল কৰিবলৈ সক্ষম হৈছিল । আনহাতে ২০১২ চনত মুলায়ম সিং যাদৱৰ নেতৃত্বত সমাজবাদী পাৰ্টিয়ে এই ৩৬ খন আসনৰ ভিতৰত ২১ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল । ঠিক তেনেদৰে ২০১৭ চনত, বিজেপিয়ে পূৰ্বাঞ্চলৰ ৩৬ খন আসনৰ ভিতৰত ২১ খন আসনত দখল কৰি চৰকাৰ গঠন কৰিছিল । মনকৰিবলগীয়া যে, ২০১৭ ৰ নিৰ্বাচনত গেৰুৱা দলটোৱে কোনো মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা নকৰাকৈ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত যুঁজিছিল কিন্তু ততস্বত্ত্বেও বিজয়ী হৈছিল আৰু পিছত যোগী আদিত্যনাথক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰিছিল ।

নিৰাপত্তা ব্যৱস্থা:

মঙলবাৰে সন্ধিয়া পশ্চিম উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ লগেলগে নিৰ্বাচনমুখী ৰাজ্যখনৰ আইন-শৃংখলা বজাই ৰখাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ৪১২ টা কোম্পানীৰ প্ৰায় ৫০,০০০ অৰ্ধসামৰিক বাহিনী বিভিন্ন স্থানত নিয়োজিত কৰা হৈছে । আৰক্ষীয়ে ৰাজ্যখনৰ আন্তঃৰাজ্যিক সীমাসমূহ বন্ধ কৰি দিছে আৰু কাইলৈ ভোটগ্ৰহণ হ’বলগীয়া ৫৮ টা বিধানসভা সমষ্টিত শান্তি বজাই ৰখাৰ বাবে কঠোৰ সতৰ্কতা গ্ৰহন কৰিছে । নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰীসকলে 3,911 টা বুথত বাবে ইতিমধ্যেই সম্পূৰ্ণ কৰি তুলিছে ভোটগ্ৰহণৰ সকলো ব্যৱস্থা ।

লগতে পঢ়ক: Assam Municipal Election 2022: ৬ মাৰ্চত ৰাজ্যৰ ৮০ খন পৌৰসভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.