ETV Bharat / bharat

First Muslim Speaker of Karnataka : কৰ্ণাটক বিধানসভাৰ প্ৰথমগৰাকী মুছলমান অধ্যক্ষ ইউ টি কাদেৰ

author img

By

Published : May 24, 2023, 10:11 PM IST

Updated : May 24, 2023, 10:34 PM IST

অধ্যক্ষ হিচাপে ৫৩ বছৰীয়া কাদেৰৰ নাম মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱ কৰে । বিজেপি আৰু জেডিএছে অধ্যক্ষ পদৰ বাবে তেওঁলোকৰ প্ৰাৰ্থী প্ৰদান নকৰাৰ বাবে তেওঁক সৰ্বসন্মতিক্ৰমে অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় (UT Khader first Muslim Speaker of Karnataka) ।

First Muslim Speaker of Karnataka
First Muslim Speaker of Karnataka

নিউজ ডেস্ক, ২৪ মে' : জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী ইউ টি কাদেৰক বুধবাৰে সৰ্বসন্মতিক্ৰমে কৰ্ণাটক বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় (UT Khader elected as Speaker of Karnataka) । উল্লেখ্য, ৫৩ বছৰীয়া কাদেৰ কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়োৱা প্ৰথমগৰাকী মুছলমান নেতা হিচাপে পৰিগণিত হৈছে (UT Khader first Muslim Speaker of Karnataka) ।

মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই (Karnataka Chief Minister Siddaramaiah) অধ্যক্ষ পদৰ বাবে কাদেৰৰ নাম প্ৰস্তাৱ কৰে । এই প্ৰস্তাৱৰ সমৰ্থন জনায় উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে (Karnataka Deputy CM DK Shivakumar) । উল্লেখ্য যে, অধ্যক্ষ পদৰ বাবে আন কোনো দাবীদাৰ নথকাত প্ৰটেম অধ্যক্ষ আৰ ভি দেশপাণ্ডেয়ে মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱত ভোট প্ৰদানৰ বাবে আগবঢ়ায় সদনে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গ্ৰহণ কৰে ।

আনহাতে, মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া, বিৰোধী দলৰ নেতা বাসৱৰাজ বোম্মাই আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কাদেৰক তেওঁৰ আসনলৈ আগবঢ়াই লৈ যায় । দক্ষিণ কানাড়া জিলাৰ পাঁচবাৰৰ বিধায়ক কাদেৰে প্ৰটেম অধ্যক্ষ আৰ ভি দেশপাণ্ডেৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে ।

"আপোনাৰ পিতৃ এগৰাকী বিধায়ক আছিল আৰু আপুনি সদনত সদন বীৰ বঁটা লাভ কৰিছিল । আমি সকলোৱে জানো যে আপুনি এজন ভাল বিধায়ক । অধ্যক্ষৰ আসনত অধিষ্ঠিত ব্যক্তিগৰাকীয়ে দলগত আদৰ্শৰ ঊৰ্ধ্বত কাম কৰিব লাগিব ।" মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই বিধানসভাত এনেদৰে কয় । উল্লেখ্য যে, এইবাৰ কৰ্ণাটক বিধানসভাত জ্যেষ্ঠ সদস্যৰ লগতে যুৱ বিধায়কো আছে । আনহাতে, ৰাজ্যখনত বহু জ্বলন্ত সমস্যা আছে । ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিত বৰ্তাই ৰাখিব লাগিব আৰু সাত কোটি কানাড়া লোকৰ কল্যাণ সাধিব লাগিব বুলিও তেওঁ কয় ।

"যদি আইন-শৃংখলা নিশ্চিত নহয়, তেন্তে কোনো বিনিয়োগ নহ'ব । যদি বিনিয়োগ কৰা নহয়, তেন্তে উদ্যোগ নাহে । উদ্যোগ অবিহনে কৰ্মসংস্থাপনৰ সৃষ্টি নহ'ব । এই সকলোবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে । সদনত এই সন্দৰ্ভত আলোচনা হোৱা উচিত । গঠনমূলক পৰামৰ্শ দিব লাগিব । আলোচনাবোৰ সুস্থ হ'ব লাগিব আৰু আপোনাৰ আসনখনেই সেইটো নিশ্চিত কৰিব লাগিব ।" মুখ্যমন্ত্ৰীয়ে লগতে কয় ।

আনহাতে, কাদেৰক অভিনন্দন জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে কয়, "সদনত আপোনাৰ ২০ বছৰৰ অভিজ্ঞতা আছে । আপুনি এগৰাকী বিধায়ক আৰু মন্ত্ৰী হিচাপে কাম কৰিছে । আপুনি কেতিয়াও ধৈৰ্য হেৰুওৱা নাই । আপুনি বিৰোধী দলৰ উপ-নেতা আছিল । অধ্যক্ষৰ চকীখনত বহা লোকসকলে এই আসনখনলৈ সন্মান কঢ়িয়াই আনিছে । আপোনাৰ আহ্বান আৰু সিদ্ধান্তই সমগ্ৰ ব্যৱস্থাটোক প্ৰভাৱিত কৰিব । আপুনি সন্তুলিত হোৱা উচিত ।"

"এই পদৰ বাবে সংবিধানে বিশেষ গুৰুত্ব প্ৰদান কৰিছে । আপুনি পক্ষপাতহীনভাৱে কাম কৰিব লাগিব । আপুনি এগৰাকী প্ৰগতিশীল ব্যক্তি । আপুনি আপোনাৰ সমষ্টি আৰু জিলাত সকলো সম্প্ৰদায় তথা ধৰ্মৰ লগত আছে আৰু তেওঁলোকক আগবঢ়াই লৈ গৈছে । আপুনি একেদৰে ৰাজ্যখনতো সকলো লোকক একেলগে আগবঢ়াই নিব লাগিব । আমি বিশ্বাস কৰোঁ যে আপুনি সকলোকে লগত লৈ যাব ।" তেওঁ লগতে কয় ।

উল্লেখ্য, কাদেৰ হৈছে এগৰাকী মৃদুভাষী ৰাজনীতিবিদ । তেওঁ পঞ্চমবাৰৰ বাবে মাংগালুৰু (উল্লাল) সমষ্টিৰ পৰা কৰ্ণাটক বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে । তেওঁ ২০১৩ চনত সিদ্দাৰামাইয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰত স্বাস্থ্যমন্ত্ৰী আৰু খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীৰ দায়িত্বত আছিল । তেওঁ ৰাজ্যিক বিধানসভাত বিৰোধী দলৰ উপ-নেতা হিচাপেও কাম কৰিছিল ।

কাদেৰে শ্ৰী ধৰ্মস্থল মঞ্জুনাথেশ্বৰ মহাবিদ্যালয়ৰ (এছডিএম) পৰা বিএ এলএলবি ডিগ্ৰী গ্ৰহণ কৰে । তেওঁৰ অভিৰুচিৰ ভিতৰত আছে বাইক আৰু গাড়ী চলোৱা । তেওঁ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিছে । এগৰাকী ক্ৰীড়ানুৰাগী কাদেৰে ক্ৰিকেট, ফুটবল, ভলীবল, হকী আৰু টেনিছো খেলে ।

তেওঁ ১৯৯০ চনত এনএছইউআইৰ জিলা সাধাৰণ সম্পাদক পদত আছিল । আনহাতে, তেওঁ ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ দক্ষিণ কানাড়া জিলা এনএছইউআইৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ উপৰি 1999 চনৰ পৰা 2001 চনলৈ কাদেৰে এনএছইউআইৰ ৰাজ্যিক উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ২০০৮ চনত কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ (কেপিচিচি) সম্পাদক নিৰ্বাচিত হৈছিল ।

২০০৮ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁ উক্ত আসনক প্ৰতিনিধিত্ব কৰি বৰ্তমানলৈকে অপৰাজিত হৈ আছে । ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে বিধায়ক হিচাপে তেওঁৰ অৱদানৰ বাবে তেওঁক 'সদন বীৰ' বঁটাৰে সন্মানিত কৰা হৈছিল । আনহাতে, তেওঁক এগৰাকী শ্ৰেষ্ঠ বিধায়ক হিচাপে 'শ্বাইনিং ইণ্ডিয়া' বঁটাও প্ৰদান কৰা হয় ।

উল্লেখ্য যে, সিদ্দাৰামাইয়া মন্ত্ৰীসভাৰ স্বাস্থ্য মন্ত্ৰী হিচাপে নিৰ্বাহ কৰা কাৰ্যকালত তেওঁ ৰাজ্যখনত গুটখা নিষিদ্ধ কৰিছিল । তাৰ উপৰি বাইক এম্বুলেন্স আৰু তালুক চৰকাৰী চিকিৎসালয়ত ডায়েলাইচিছ ইউনিট প্ৰৱৰ্তন কৰিছিল । যাৰ বাবে তেওঁ শ্ৰেষ্ঠ স্বাস্থ্য মন্ত্ৰীৰ সন্মানো লাভ কৰিছিল । তেওঁ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী হিচাপে ৰেচন কাৰ্ড লাভ কৰাৰ প্ৰক্ৰিয়াটো সুশৃংখল আৰু সৰল কৰাৰ বাবেও সৰ্বজনবিদিত ।

লগতে পঢ়ক : New Parliament Inauguration : সংসদ ভৱন উদ্বোধন বৰ্জন কৰিব ১৯ বিৰোধী দলে

Last Updated : May 24, 2023, 10:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.