ETV Bharat / bharat

G20 summit in Delhi : জি-২০ বৈঠকত উপস্থিত থাকিব ঝি জিনপিং ! আশাবাদী বাইডেন - Xi Jinping may not attends G20 Summit

দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ বৈঠকত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং উপস্থিত থাকিব নে নাথাকে তাক লৈ বিভিন্ন মহল চৰ্চা অব্যাহত । জিনপিং উপস্থিত নাথাকিলে ভাৰত আৰু চীনৰ সীমান্ত বিবাদৰ সমাধান জটিল হৈ পৰিব । দুয়োখন ৰাষ্ট্ৰৰ আলোচনা অতি দৰকাৰ ।

G20 summit in Delhi
জি-২০ বৈঠকত উপস্থিত থাকিব ঝি জিনপিং, আশাবাদী বিডেন
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 11:56 AM IST

নেশ্যনেল ডেস্ক,১ ছেপ্টেম্বৰ : ভাৰতে সভাপতিত্ব কৰা জি-২০ বৈঠকৰ দিল্লীৰ অনুষ্ঠানৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী । চৰকাৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । ইফালে এই বৈঠকলৈ কোনো কোনো বিদেশী নেতা আহিব তাক লৈও বিভিন্ন জল্পনা কল্পনা চলি আছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে আশা প্ৰকাশ কৰি কয় যে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে নতুন দিল্লীত জি-২০ বৈঠকত অংশগ্ৰহণ কৰিব ।

ইফালে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত বিডেনৰ লগতে দুই ডজনৰো অধিক বিশ্বৰ শীৰ্ষ নেতা উপস্থিত থাকিব । অৱশ্যে শেহতীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং সন্মিলনত উপস্থিত থকাৰ সম্ভাৱনা নাই ।

অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি আশাবাদী যে ঝি জিনপিঙেও বৈঠকত উপস্থিত থাকিব । ইফালে, এছিয়া চছাইটি পলিচী ইনষ্টিটিউটৰ (এএছপিআই) দক্ষিণ এছিয়া উদ্যোগৰ সঞ্চালক ফাৰৱা আমেৰে কয় যে ভাৰতত অনুষ্ঠিত জি-২০ বৈঠক ৰাষ্ট্ৰপতি ঝি জিনপিঙে বাদ দিলে প্ৰমাণিত হ'ব যে চীনে এই মুহূৰ্তত ভাৰতক নেতৃত্বৰ পৰ্যায়ত চাব নিবিচাৰে ।

চীনৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ জি-২০ বৈঠকত উপস্থিত থকা নথকাক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে বহুতে সন্দেহ কৰা মতে ইয়াৰ বিভিন্ন প্ৰভাৱো পৰিব । প্ৰথমতে অনুমান কৰিব পাৰি যে, চীনে ভাৰতক নেতৃত্বৰ পৰ্যায়ত চাব নিবিচাৰে । ই চীনৰ প্ৰভাৱশালী ভূমিকা আৰু প্ৰভাৱ বজাই ৰখাৰ অভিপ্ৰায়ক সূচায় । ফাৰৱা আমেৰে কয় যে, অঞ্চলটোত শক্তিৰ সূক্ষ্ম ভাৰসাম্যক পোনপটীয়াকৈ প্ৰভাৱিত কৰে ।

দ্বিতীয়তে, ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ অনুপস্থিতিয়ে আন এটা কথা স্পষ্ট কৰিব যে সীমান্ত সমস্যাক লৈ উদ্বিগ্ন নহয় চীন । দুয়োখন দেশৰ সীমান্ত সমস্যাৰ মীমাংসাৰ প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব । যি হিমালয় অঞ্চলৰ বহল ভূ-ৰাজনৈতিক দৃশ্যপট আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চীনৰ কৌশলগত প্ৰতিযোগিতাৰ সৈতে জড়িত হৈ থাকিব ।

ফাৰৱা আমেৰে উল্লেখ কৰা মতে আলোচনাৰ স্তৰ অধিক জটিল কৰি তুলিব । সীমান্ত সমস্যাবোৰ ঐতিহাসিক বিবাদ, ৰাষ্ট্ৰীয় গৌৰৱ আৰু কৌশলগত স্বাৰ্থৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে । যিহেতু দুয়োখন ৰাষ্ট্ৰই গোলকীয় পৰ্যায়ত প্ৰভাৱ বিস্তাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে তেওঁলোকৰ বাৰ্তালাপ অতি প্ৰয়োজন ।

তেওঁ লগতে কয় যে, জি-২০ বৈঠক ভূ-ৰাজনৈতিক উত্তেজনা আৰু কৌশলগত প্ৰতিযোগিতাই বিশ্বব্যাপী অৰ্থনৈতিক সহযোগিতা আৰু বহুপাক্ষিক কূটনীতিত কিমান পৰিমাণে প্ৰভাৱ পেলাইছে সেয়া নিৰ্ধাৰণ কৰিব । ২০২০ চনৰ গালৱান সংঘৰ্ষৰ পাছৰে পৰা চীন-ভাৰত সম্পৰ্ক বৰ্ধিত উত্তেজনা আৰু অমীমাংসিত সীমান্ত সমস্যাৰ দ্বাৰা চৰ্চাত আছে । তেওঁ কয় যে একাধিক পৰ্যায়ৰ কূটনৈতিক আলোচনা আৰু শেহতীয়াকৈ কৰ্পছ কমাণ্ডাৰসকলৰ বৈঠকৰ পাছতো সীমান্ত বিবাদৰ এক স্পষ্ট আৰু সহজ সমাধান ওলোৱা নাই ।

লগতে পঢ়ক :Manipur firing: বিষ্ণুপুৰত পুনৰ গুলীচালনা; 8 জন নিহত, 8 জন আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.