নেশ্যনেল ডেস্ক, 2 আগষ্ট: বাৰে বাৰে সদন স্থগিত ৰখাত অসন্তুষ্ট হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বুধবাৰে পুৱাৰ ভাগত কাৰ্যক্ৰমত অংশ লোৱাৰ পৰা বিৰত থাকে ৷ লাভ কৰা তথ্য অনুসৰি সাংসদসকলে সঠিক আচৰণ নকৰালৈকে তেওঁ অধিৱেশনৰ অধ্যক্ষতা কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে ৷
উল্লেখ্য যে, বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিৰ পৰাই সদন উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা হৈছে ৷ বিশেষকৈ বিৰোধীয়ে মণিপুৰৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতি দাবী কৰি সদন উত্তাল কৰি ৰাখিছে ৷ সংবাদ সংস্থা NIA ৰ বাতৰি অনুসৰি সদস্যসকলে সদনৰ মৰ্যাদা অনুসৰি আচৰণ নকৰালৈকে বিৰলাই নিম্ন সদনৰ অধ্যক্ষতাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে ।
বুধবাৰে, YSRCP নেতা মিধুন ৰেড্ডীয়ে সদনত অধ্যক্ষৰ আসন গ্ৰহণ কৰে ৷ জানিব পৰা মতে মঙলবাৰে লোকসভাত বিধেয়ক গৃহীত হোৱাৰ সময়ত বিৰোধী আৰু কোষাগাৰ দুয়োটা বিচাৰপীঠৰ আচৰণত অধ্যক্ষ ওম বিৰলা অসন্তুষ্ট হৈছিল । সূত্ৰই কয় যে ২০ জুলাইত বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰা সংসদত কাম-কাজ পৰিচালনাত বাৰে বাৰে বাধাৰ সৃষ্টি হোৱা বাবে অধ্যক্ষৰ অসন্তুষ্টিৰ বিষয়ে বিৰোধী আৰু কোষাগাৰ দুয়োটা বিচাৰপীঠক অৱগত কৰা হৈছে ।
ইফালে, মণিপুৰ বিষয়ত বিৰোধী সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে বুধবাৰে সদন দিনটোৰ বাবে স্থগিত ৰখা হয় । মধ্যাহ্নভোজনৰ পিচৰ অধিৱেশনৰ বাবে সমবেত হোৱাৰ লগে লগে বিৰোধী সদস্যসকলে সদনৰ ভিতৰলৈ সোমাই আহিছিল আৰু মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি দাবী কৰি শ্ল'গান দিছিল ৷ যাৰ বাবে সদন স্থগিত ৰাখিব লগা হয় ৷ অধ্যক্ষৰ আসনত থকা বিজেপি সদস্য কিৰীট চোলাঙ্কীয়ে বিৰোধী সদস্যসকলক শালীনতা বজাই ৰাখিবলৈ আহ্বান জনাইছিল ৷ কিন্তু বিৰোধী নেতাসকলে এই আহ্বান মানি নচলাৰ বাবে অধ্যক্ষই কাৰ্যক্ৰম দিনটোৰ বাবে স্থগিত ৰাখে ৷
লগতে পঢ়ক: Congress poll campaign: 9 আগষ্টৰ পৰা ৰাজস্থানত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা