নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ : সৰ্বভাৰতীয় লোক সেৱা আয়োগে ঘোষণা কৰিলে অসামৰিক সেৱাৰ ২০২১ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল । শুকুৰবাৰে সৰ্বভাৰতীয় লোক সেৱা আয়োগৰ ৱেবছাইটযোগে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় । যোৱা ১০ অক্টোবৰত অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা ।
সৰ্বভাৰতীয় লোকসেৱা আয়োগে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে । ফলাফল তালিকাত সন্নিৱিষ্ট হোৱা ৰোল নম্বৰৰ পৰীক্ষাৰ্থীসকলে অসামৰিক সেৱা মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰে । পৰীক্ষাৰ্থীয়ে সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ ৱেবছাইট upsc.gov.in ত নিজৰ ফলাফল চাব পাৰে ।
লগতে পঢ়ক: ব্ৰিটিছ শাসনত ৰক্তপাতহীন বিপ্লৱৰ এক গৌৰৱময় ইতিহাস আৰু কুমাঁও কেশৰী