ETV Bharat / bharat

BSP ৰ অভিযোগ; উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে BJPয়ে ৰামৰ নামত SP য়ে জিন্নাৰ নামত বিচাৰিছে ভোট

author img

By

Published : Nov 5, 2021, 3:22 PM IST

উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহুজন সমাজ পাৰ্টী (BSP) ৰ মুখপাত্ৰ সুধীন্দ্ৰ ভাদুৰিয়াই শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু সমাজবাদী পাৰ্টী (SP) ক তীব্ৰ সমালোচনা কৰি দুয়োটা দলে ধৰ্মীয় ভিত্তিক ৰাজনীতি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

UP Polls 2022
বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন

নেশ্য়নেল ডেস্ক, 5 নৱেম্বৰ : 2022 চনত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশ বিধান সভাৰ নিৰ্বাচন ৷ ইতিমধ্যে উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ কূট কৌশল তৈয়াৰ কৰিছে ৷ জনতাক আকৰ্ষিত কৰিবলৈ ৰাজনৈতিক দল সমূহে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হৈছে ৷ ইয়াৰ সমান্তৰালকৈ অব্যাহত আছে ৰাজনৈতিক দলসমূহৰ মাজত কথাৰ কটাকটি অথবা অভিযোগ প্ৰতিঅভিযোগৰ যুঁজ ৷

বহুজন সমাজ পাৰ্টী (BSP) ৰ মুখপাত্ৰ সুধীন্দ্ৰ ভাদুৰিয়াই শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু সমাজবাদী পাৰ্টী (SP) ক তীব্ৰ সমালোচনা কৰে ৷ ৰাজ্যখনত দুয়োটা দলে ধৰ্মীয় ৰাজনীতি কৰিছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ৷

নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ভাদুৰিয়াই কয়, "বিজেপিয়ে উত্তৰ প্ৰদেশত 'ৰাম'ৰ নামত ভোট বিচাৰিছে আৰু এছপিয়ে ভোট বিচাৰিছে 'জিন্না'ৰ নামত ৷ কিন্তু ৰাইজে ধৰ্ম চাই নহয়, কাম চাইহে ভোট দিব’’ ৷

তেওঁ লগতে আৰু কয়, "তেওঁলোকে কি কাম কৰিছে ? দুয়োটা দলেই ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাত ব্যৰ্থ হৈছে ৷ এইবাৰ জনসাধাৰণে বিএছপিয়ে শাসন কৰাটো বিচাৰিছে আৰু সেইকাৰণে আগন্তুক বিধানসভা নিৰ্বাচনত বিএছপিয়ে চৰকাৰ গঠন কৰিব’’ ৷

উত্তৰ প্ৰদেশৰ ৪০৩ টা বিধানসভা সমষ্টিৰ নিৰ্বাচন অহা বছৰৰ আৰম্ভণিতে হ'ব । 2017 চনৰ বিধানসভা নিৰ্বাচনত, বিজেপিয়ে 312 খন আসনত বিপুল ভোটত জয় লাভ কৰিছিল । দলটোৱে ৪০৩ জনীয়া বিধানসভাৰ নিৰ্বাচনত ৩৯.৬৭ শতাংশ ভোট লাভ কৰিছিল। সমাজবাদী পাৰ্টীয়ে (এছপি) ৪৭ খন, বিএছপিয়ে ১৯ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ সাতখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।

এইবাৰৰ নিৰ্বাচনত ৰাম মন্দিৰ এক গুৰুত্বপূৰ্ণ ইচ্যু হৈ উঠাৰ সম্ভাৱনা আছে ৷ তাৰোপৰি মাত্ৰ এমাহ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দলীয় কৰ্মী তথা জনতাক আকৰ্ষণ কৰাৰ বাবে সম্প্ৰসাৰণ কৰিছিল মন্ত্ৰীসভা ৷ এই মন্ত্ৰীসভাত প্ৰায় সংখ্যক মন্ত্ৰীত্ব লাভ কৰিছিল পিচপৰা, অন্যান্য পিচপৰা শ্ৰেণীৰ বিধায়কে ৷ এইসকল লোকৰ ভোট নিজৰ পক্ষলৈ আনিবৰ বাবে বিজেপিৰ এইটো আছিল এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক অভিসন্ধি ৷ কিন্তু উত্তৰ প্ৰদেশৰ জনতাই এইবাৰ কাক মচনদত বহুৱাই সেয়া জানিবলৈ বাট চাব লাগিব 2022 লৈ ৷

লগতে চাওক : কি কি নতুন সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.