নেশ্যনেল ডেস্ক,23 ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ জানপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ জানপুৰৰ বড়ী খাছ গাঁৱত এগৰাকী মানসিক বিকাৰগ্ৰস্ত ব্যক্তিয়ে নিজ কন্যাক চুৰীৰে আক্ৰমণ কৰি হত্যা কৰে ৷ ইয়াৰ উপৰিও লোকজনে নিজ মাতৃ, কন্যা আৰু অন্যান্য পৰিয়ালৰ লোকৰ ওপৰতো আক্ৰমণ চলায় ৷ সম্প্ৰতি অভিযুক্ত মুমতাজ ওৰফে চোনুক আটক কৰি জেললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে জানপুৰৰ আৰক্ষী অধীক্ষক ৰাজকৰণ নায়াৰে ৷
আহত আটাইকেইগৰাকীকে ততাতৈয়াকৈ জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি আটাইকেইগৰাকীয়ে সংকটমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে ৷
আৰক্ষী বিষয়াই সদৰি কৰে যে, বিগত প্ৰায় 7 বছৰ ধৰি বাৰাণসীৰ এখন মানসিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মুমজাত ৷ সোমবাৰে মুমতাজক চিকিৎসাৰ বাবে বাৰাণসীলৈ লৈ গৈ থকা অৱস্থাতে বাহনৰ পৰা জপিয়ায় ৷ পৰৱৰ্তী সময়ত সোমবাৰে সন্ধিয়া নিজ বাসগৃহত উপস্থিত হয় মুমতাজ ৷
মঙলবাৰে মুমতাজে পাকঘৰত খাদ্যৰ সন্ধানত গৈ খাবলৈ একো নোপোৱাত ক্ষুদ্ধ হৈ পৰে আৰু কাষতে পোৱা চুৰীৰে কন্যা হমায়ৰাৰ ওপৰত আক্ৰমণ চলায় ৷ পৰৱৰ্তী সময়ত মুমতাজৰ মাতৃ চন্দা বেগমে হমায়ৰাক উদ্ধাৰ কৰিব যায় যদিও মুমতাজে মাককো আক্ৰমণ কৰে ৷ এই আক্ৰমণত ঘটনাস্থলীতে নিহত হয় হমায়ৰা ৷
তেওঁলোকৰ কন্দা শুনি মুমতাজৰ পত্নী ফিৰদৌজ আৰু তিনিবছৰীয়া পুত্ৰ পাকঘৰলৈ যোৱাত দুয়োৰে ওপৰত আক্ৰমণ চলায় মুমতাজে ৷ পৰৱৰ্তী সময়ত মুমতাজে তেওঁলোকৰ ঘৰলৈ গাখীৰ দিবলৈ অহা চুলেমা দেৱীকো আক্ৰমণ কৰে ৷ স্থানীয় লোকে বহু চেষ্টা কৰি মুমতাজক আটক কৰিবলৈ সক্ষম হয় আৰু ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত আৰক্ষীক অবগত কৰে ৷
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত আটাইকেইগৰাকীকে হাস্পতাললৈ প্ৰেৰণ কৰে যদিও ৰাস্তাতে মৃত্যু হয় চুলেমা দেৱীৰ ৷
লগতে পঢ়ক-২৬ ডিচেন্বৰত পাঁচ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য আঁচনি শুভাৰম্ভণি কৰিব মোডীয়ে