ETV Bharat / bharat

প্ৰেমিকাৰ পৰিয়ালৰ প্ৰহাৰত মৃত্যু যুৱকৰ - আইপিচি ধাৰা ৩০২ৰ অধীনত

উত্তৰ প্ৰদেশত পুনৰ দলিত শ্ৰেণীৰ লোকৰ ওপৰত আক্ৰমণ । এগৰাকী যুৱকক নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকাৰ পৰিয়ালে । ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ৫ জনকৈ লোক ।

প্ৰেমিকাৰ পৰিয়ালৰ প্ৰহাৰত মৃত্যু দলিত শ্ৰেণীৰ যুৱকৰ

author img

By

Published : Feb 28, 2021, 1:44 PM IST

নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ আগ্ৰাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড । আন সম্প্ৰদায়ৰ প্ৰেমিকাক লগ ধৰিবলৈ আহোতে প্ৰেমিকাৰ পৰিয়ালে প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় দলিত শ্ৰেণীৰ এজন যুৱকৰ । জানিব পৰা মতে মৃত্যু হোৱা ২২ বছৰীয়া পৱন কুমাৰৰ আন সম্প্ৰদায়ৰ এগৰাকী ২০ বছৰীয়া যুৱতীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল । যুৱতীগৰাকীয়ে শুকুৰবাৰে নিশা পৱন কুমাৰক লগ কৰিবলৈ মাতিছিল । যুৱতীগৰাকীৰ ঘৰত উপস্থিত হোৱাৰ পিছতে পৱন কুমাৰক যুৱতীগৰাকীৰ পৰিয়ালে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে । পৱনৰ আৰ্তনাদ শুনি স্থানীয় একাংশ লোকে আৰক্ষীক খবৰ দিয়ে ।

পৱনৰ ভাতৃ আকাশে জনোৱা মতে তেওঁলোকে সমগ্ৰ ঘটনাৰ বিষয়ে শনিবাৰে জানিব পাৰে । পৱন কুমাৰক প্ৰহাৰ কৰাৰ পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত মৃত্যু হয় পৱনৰ । আকাশে কোৱা মতে মৃত্যুৰ পূৰ্বে সমগ্ৰ ঘটনাৰ বিষয়ে পৱনে আৰক্ষীক অৱগত কৰিছিল । পৱনে দিয়া বৰ্ণনা অনুসৰি যুৱতীগৰাকীয়ে পৱনক তাইৰ ঘৰলৈ মাতিছিল আৰু তাইৰ পৰিয়ালৰ সদস্যসকলে পৱনক নৃশংসভাৱে প্ৰহাৰ কৰিছিল ।

ইফালে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । অতিৰিক্ত আৰক্ষী অধীক্ষক মুকেশ চন্দ্ৰ মিশ্ৰাই জনোৱা মতে যুৱতীগৰাকীৰ পিতৃ আৰু পৰিয়ালৰ ৫জন সদস্যকে ধৰি মুঠ সাতজন লোকৰ বিৰুদ্ধে আইপিচি ধাৰা ৩০২ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰে পাঁচজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰছ'লপুৰ থানাৰ আৰক্ষী বিষয়া ফাতেহ বাহাদুৰ ভাদুৰিয়াই উল্লেখ কৰা মতে পৱনক বান্ধি লাঠিৰে প্ৰহাৰ কৰা হৈছিল । সম্প্ৰতি পৱনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । আৰক্ষী বিষয়াজনে জনোৱা মতে ইতিমধ্যে যুৱতীগৰাকীৰ পিতৃ আৰু আন সদস্যসকলে তেওঁলোকৰ অপৰাধৰ কথা স্বীকাৰ কৰিছে । যুৱতীগৰাকীক আন চাৰিজনৰ সৈতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব লগতে আন দুজন এতিয়াও পলাতক বুলি জনাই আৰক্ষী বিষয়াজনে ।

এক সূত্ৰৰ পৰা জানিব পৰা মতে পৱন আৰু যুৱতীগৰাকীয়ে কেইবা মাহ ধৰি ফোনত নিয়মীয়া যোগাযোগত আছিল । যুৱতীগৰাকীৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল আৰু পৱনক তাইৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰিও দিছিল ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস: ইতিহাস আৰু বিশেষত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.