ETV Bharat / bharat

পূৰ্বৰ চৰকাৰে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে আবণ্টিত পুঁজি ব্যৱহাৰ কৰা নাছিল: Narendra Singh Tomar

author img

By

Published : Nov 17, 2021, 6:27 PM IST

ত্ৰিপুৰা(Tripura)ৰ লেম্বুচেৰাস্থিত মীন পালন মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশ লৈ পূৰ্বৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে(Narendra Singh Tomar) । তেওঁ কয় যে, পূৰ্বৰ চৰকাৰে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে আবণ্টিত পুঁজি কামত ব্যৱহাৰ কৰা নাছিল ।

Union Minister Narendra Singh Tomar criticised Tripura Previous government
ত্ৰিপুৰাত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ: "পূৰ্বৰ চৰকাৰে ত্ৰিপুৰা(Tripura)ৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ পৰা আবণ্টিত পুঁজি ব্যৱহাৰ কৰা নাছিল । পূৰ্বৰ চৰকাৰ কৰ্ম সংস্কৃতি বা উন্নয়ন সাধনত বিশ্বাসী নাছিল । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ(Chief Minister Biplab Kumar Deb) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ বাবে ত্ৰিপুৰাত বৰ্তমান উন্নয়ন সাধন হৈছে" । বুধবাৰে ত্ৰিপুৰা(Tripura)ৰ লেম্বুচেৰাস্থিত মীন পালন মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে(Narendra Singh Tomar) ।

তেওঁ মহাবিদ্যালয়খনত নতুনকৈ সংযুক্ত কৰা আন্তঃগাঁঠনিও উদ্বোধন কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বে ক্ষমতাত থকা ৰাজ্য চৰকাৰৰ সৈতে তেওঁ নিজেও কাম কৰিছিল । তেতিয়া কেন্দ্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছিল । তেওঁৰ মতে, সেই সময়তো কেন্দ্ৰীয় চৰকাৰে তদানীন্তন ত্ৰিপুৰা চৰকাৰক আবণ্টন দিয়া পুঁজি সঠিকভাৱে ব্যৱহাৰ কৰা হোৱা নাছিল ।

তেতিয়াৰ চৰকাৰে কৰ্ম সংস্কৃতি বা উন্নয়নত বিশ্বাস কৰা নাছিল বুলিও তেওঁ মন্তব্য কৰে ।

মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কামক প্ৰশংসা কৰি কয় যে, বিপ্লব কুমাৰ দেৱৰ নেতৃত্বত নতুন চৰকাৰে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে যথেষ্ট কাম কৰি আছে । তেওঁ কয় যে, ২০১৪ চনৰ পূৰ্বে তেতিয়া শাসনত থকা চৰকাৰে কেতিয়াও উত্তৰ-পূৱক বিশেষ গুৰুত্ব দিয়া নাছিল আৰু সেয়ে তেনে কোনো উন্নয়নমূলক কাম কৰা নাছিল ৷ কিন্তু ২০১৪ চনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিজেই বহুবাৰ উত্তৰ-পূৱলৈ আহিছে ।

উত্তৰ-পূৱৰ উন্নয়ন এতিয়া প্ৰতিটো ক্ষেত্ৰতে দেখিবলৈ পোৱা যায় বুলিও তেওঁ মন্তব্য কৰে । কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয় যে, ৰাজ্যখনত আত্মসহায়ক গোটৰ সংখ্যা ৪,০০০ৰ পৰা ২৬,০০০লৈ বৃদ্ধি পাইছে । আত্মসহায়ক গোটৰ সংখ্যা অধিক বৃদ্ধি কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:Syndicate:বৰাকত নতুন ৰূপত আৰম্ভ চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.