ETV Bharat / bharat

কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় কৰ'ণাত আক্ৰান্ত - দ্বিতীয়বাৰৰ বাবে কৰ'ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়

দ্বিতীয়বাৰৰ বাবে কৰ'ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় । ২৬ এপ্ৰলিত পশ্চিমবংগত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণত উপস্থিত থাকিব নোৱাৰিব মন্ত্ৰীগৰাকী ।

কৰ'ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়

author img

By

Published : Apr 25, 2021, 5:50 PM IST

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : কৰ'ণাত দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় । বাবুল সুপ্ৰিয়ৰ লগতে তেওঁৰ পত্নীও কৰ'ণাত আক্ৰান্ত হোৱাৰ কথা ছ’চিয়েল মিডিয়াযোগে জনায় খোদ মন্ত্ৰীগৰাকীয়ে । লগতে ২৬ এপ্ৰলিত পশ্চিমবংগৰ আছানচলত ভোটদান সাব্যস্ত কৰিব নোৱাৰে বুলিও প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণত উপস্থিত থাকিব নোৱাৰিব মন্ত্ৰীগৰাকী । যাৰবাবে মানসিকভাৱে দুঃখিত হৈ পৰে বাবুল সুপ্ৰিয় । যদিও তেওঁ ভোটগ্ৰহণৰ দিনা উপস্থিত থাকিব নোৱাৰে তথাপিও আটাইকেইখন আসনেই লাভ কৰিব বুলি আশাবাদী । আছানচলৰ পৰা দুবাৰকৈ সাসংদ হিচাপে নিৰ্বাচিত হোৱা বাবুল সুপ্ৰিয় ২১ ৰ বিধানসভা নিৰ্বাচনত টলিগঞ্জ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইতিমধ্যে টলিগঞ্জত ভোটদান সমাপ্ত হৈছে । উল্লেখযোগ্য যে, ২৬ এপ্ৰলিত পশ্চিমবংগত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠি হ'ব ।

লগতে পঢ়ক: ২৮ এপ্ৰিলৰ পৰা ক’ভিডৰ টীকাকৰণৰ পঞ্জীয়ন আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.