ETV Bharat / bharat

Adhere Covid protocol: ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীলৈ লিখিলে পত্ৰ

author img

By

Published : Dec 21, 2022, 1:22 PM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ মনসুখ মান্দাভিয়াই প্ৰেৰণ কৰিলে এক বিশেষ পত্ৰ (Union Health Minister letter to Rahul Gandhi) ৷ উক্ত পত্ৰত ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত ক’ভিডৰ নীতি-নিয়ম মানি চলাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰৰ বাবে আহ্বান জনোৱা হৈছে ৷

Adhere Covid protocol
Adhere Covid protocol

নিউজ ডেস্ক, 21 ডিচেম্বৰ: ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra) মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ মনসুখ মান্দাভিয়াই প্ৰেৰণ কৰিলে এক বিশেষ পত্ৰ (Union Health Minister letter to Rahul Gandhi) ৷ উক্ত পত্ৰত ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত ক’ভিডৰ নীতি-নিয়ম মানি চলাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰৰ বাবে আহ্বান জনোৱা হৈছে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পত্ৰযোগে কংগ্ৰেছ দলক ক’ভিডৰ নীতি মানি চলি এই যাত্ৰা আগবঢ়াই নিবলৈ অনুৰোধ জনাইছে (Mansukh Mandaviya wrote to Rahul Gandhi) ৷ কেৱল ক’ভিডৰ টীকা গ্ৰহণকাৰী লোককহে এই যাত্ৰাত চামিল কৰিবলৈও পত্ৰখনত উল্লেখ কৰা হৈছে ৷

ইয়াৰ লগতে যদিহে ক’ভিড নীতি মানি চলা সম্ভৱ নহয় তেন্তে দেশৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত জোড়ো যাত্ৰা পিছুৱাই দিবলৈ মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছে ৷

উল্লেখ্য যে, 7 ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা ৷ বৰ্তমান ভাৰত জোড়ো যাত্ৰাই প্ৰৱেশ কৰিছে হাৰিয়ানাত ৷ ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা এই যাত্ৰা 2023 চনত অন্ত পৰিব কাশ্মীৰত (Congress Bharat Jodo Yatra) ৷ অসমতো যোৱা 1 নৱেম্বৰত আৰম্ভ কৰা হয় ভাৰত জোড়ো যাত্ৰা ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই ভাৰত জোড়ো যাত্ৰা যোৱা 15 ডিচেম্বৰত শদিয়াত অন্ত পৰে ৷

লগতে পঢ়ক: Bharat Jodo Yatra concludes: শদিয়াত অন্ত পৰিল অসম কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.