ETV Bharat / bharat

Union Cabinet approves Budget: কেন্দ্ৰীয় বাজেটত অনুমোদন কেবিনেটৰ - #NirmalaSitharaman

বাজেট দাখিলৰ পূৰ্বে দিল্লীত কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেটে বাজেটত অনুমোদন জনায় (Union Cabinet approves Budget 2022-23)। বৈঠক প্ৰধানমন্ত্ৰীসহ আন আন মন্ত্ৰীসকল উপস্থিত । বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (#NirmalaSitharaman) ।

Union Cabinet approves Budget
কেন্দ্ৰীয় বাজেটত অনুমোদন কেবিনেটৰ
author img

By

Published : Feb 1, 2022, 3:59 PM IST

নেশ্যনেল ডেস্ক,১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট দাখিল কৰে (#Budget2022) । দাখিল কৰাৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটে এই বাজেটত অনুমোদন জনায় (Union Cabinet approves Budget 2022-23)। পুৱা অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত অনুমোদন জনোৱা হয় এই কেন্দ্ৰীয় বাজেট ২০২২-২৩ । বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰে'ল, যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীকে ধৰি আন সদস্যসকল উপস্থিত থাকে ।

বাজেট ভাষণ পুৱা প্ৰায় ১১ বজাত আৰম্ভ হয় । ইফালে বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মনা সীতাৰমণে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে (Nirmala Sitharaman met President before submitting budget)। তেওঁৰ সৈতে বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী, ভাগৱত কাৰাদ আৰু মন্ত্ৰালয়ৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে ।

চলিত মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাগজ পত্ৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ডিজিটেল মাধ্যমেৰে বাজেট দাখিল কৰে মন্ত্ৰীগৰাকীয়ে । সংসদলৈ এটা টেবলেট লৈ যায় মন্ত্ৰীগৰাকীয়ে যিটোত ৰঙা আৱৰণ আছিল আৰু তাৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰতীক আছিল ।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণৰ জৰিয়তে সংসদৰ বাজেট অধিৱেশন ৩১ জানুৱাৰীত আৰম্ভ হৈছিল । সংসদৰ কেন্দ্ৰীয় বাজেট অধিৱেশনৰ প্ৰথম অংশ ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব আৰু বাজেট অধিৱেশনৰ দ্বিতীয় অংশ ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Budget session ২০২২: পেগাছাচ স্পাইৱেৰৰ প্ৰসংগৰে বিজেপিক বিপদত পেলাব কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.