ETV Bharat / bharat

Golden Temple mail train attack : মুম্বাইৰ পৰা অমৃতসৰ অভিমুখী ৰে’লত অচিনাক্ত লোকৰ আক্ৰমণ

মুম্বাইৰ পৰা অমৃতসৰলৈ যাত্ৰা কৰা গোল্ডেন টেম্পল মেইল ৰে'লত আক্ৰমণ (Attack on Golden Temple train)। অচিনাক্ত লোকে শিল নিক্ষেপ কৰাৰ ফলত ৰে'লৰ ২ টা ডবাৰ খিৰিকী ভাঙি চূৰ্ণ বিচূৰ্ণ হয় । ৰে'ল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

author img

By

Published : May 14, 2023, 4:03 PM IST

Golden Temple mail train attack
মুম্বাইৰ পৰা অমৃতসৰ অভিমুখী ৰে'লত অচিনাক্ত লোকৰ আক্ৰমণ

নেশ্যনেল ডেস্ক,১৪ মে': অমৃতসৰ অভিমুখী গোল্ডেন টেম্পল মেইল ৰে'লত অচিনাক্ত লোকে আক্ৰমণ কৰে (Unidentified man attack Golden Temple train)। শনিবাৰে নিশা চলন্ত ৰে'লখনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে অচিনাক্ত লোকে । ১২৯০৩ নম্বৰৰ গোল্ডেন টেম্পল মেইল ৰে'লখনৰ সামান্য ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে । ৰে'ল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

ভাৰতত ৰে'লত আক্ৰমণৰ দীঘলীয়া ইতিহাস আছে । দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন সময়ত ৰে'লত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । ৰে'লত অগ্নিসংযোগ কৰাৰ পৰা আৰম্ভ কৰি ৰে'লযাত্ৰীক আক্ৰমণৰ দৰে বহু অপৰাধ সংঘটিত হোৱা দেখা গৈছে (Rail attack incident in India)। এইবাৰ পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে । শনিবাৰে নিশা মুম্বাইৰ পৰা অমৃতসৰলৈ গৈ থকা ১২৯০৩ নম্বৰৰ গল্ডেন টেম্পল মেইল (Golden Temple train) ৰে'লখনত অচিনাক্ত লোকে শিল নিক্ষেপ কৰে ।

ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও যাত্ৰীসকলৰ মাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । নিশা প্ৰায় ১১.২৩ বজাত ৰে'লখন অমৃতসৰত উপস্থিত হোৱাৰ পাচতে ৰে’ল আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

তথ্য অনুসৰি, ৰে’লখনে ১২ মে'ত মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । ১৩ মে'ৰ নিশা গোল্ডেন টেম্পল মেইল ৰে'লখনে বিয়াছ ৰে'ল ষ্টেচনৰ পৰা অমৃতসৰ অভিমুখে ৰাওনা হয় । কিন্তু যাত্ৰাৰ কেইমিনিটমানৰ পাচতে ৰে'লখনত শিলাবৰ্ষণৰ শব্দ শুনা যায় । ৰে'লখনৰ এচি ডবা বি-১ আৰু বি-২ ৰ কাঁচৰ খিৰিকীত শিলবোৰে আঘাত কৰে । ফলত খিৰিকীবোৰ ভাঙি যায় । এই ঘটনাই যাত্ৰীসকলক শংকিত কৰি তোলে ।

ইতিমধ্যে ৰে'ল আৰক্ষীয়ে ঘটনাটোক গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে । স্থানীয় আৰক্ষীৰ সহযোগত অভিযুক্তৰ বিৰুদ্ধে অভিযানো চলোৱা হৈছে । অৱশ্যে কোনে আৰু কিয় এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই । আক্ৰমণকাৰী গ্ৰেপ্তাৰ হোৱাৰ পাচতে ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিব । অৱশ্যে এই ঘটনাৰ পাচত পুনৰ এবাৰ ৰে'ল যাত্ৰাৰ সুৰক্ষা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক :Akola communal clash : মহাৰাষ্ট্ৰৰ আকোলাত সান্ধ্য আইন জাৰি: নিহত ১ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.