আমাৰ ৰাজনীতিবিদসকলে শপত গ্ৰহণ কৰি কাৰ্যভাৰ গ্ৰহণ কৰে । শপত লোৱাৰ সময়ত তেওঁলোকে কয়, সংবিধান আৰু আইন অনুসৰি ভয় বা অনুগ্ৰহ, স্নেহ বা বিদ্বেষ অবিহনে সকলো লোকক সেৱা আগবঢ়াব । কিন্তু বৰ্তমান সময়ত এনেকুৱা লাগিছে যেন তেওঁলোকে লোৱা শপতটো অপ্ৰাসংগিক ।
তেওঁলোকে বিভাজনকেন্দ্ৰিক শাসনৰ আশ্ৰয় লৈছে আৰু তেওঁলোকে বুলডোজাৰ বা উচ্ছেদৰ দৰে কিছুমান উপায় অৱলম্বন কৰিছে । আনকি বিজেপি শাসিত কিছুমান ৰাজ্যই প্ৰতিশোধৰ ৰাজনীতি আৰম্ভ কৰিছে (Bulldozers reign in BJP ruled state)। এনে কাৰ্যৰ জৰিয়তে শাসকসকলে তেওঁলোকৰ প্ৰকৃত ন্যায়ৰ পৰা আঁতৰি আহিছে ।
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গোবিন্দ মাথুৰে এই বিষয়টো সঠিকভাৱে আঙুলিয়াই দিছে । তেওঁ কৈছে যে এই অন্যায়ধৰ্মী ধ্বংসলীলা সংখ্যালঘুসকলৰ মাজত ভয় সৃষ্টিৰ বাবে কৰা হৈছে । উত্তৰ প্ৰদেশত, শেহতীয়াকৈ প্ৰয়াগৰাজ হিংসাত (Prayagraj violence ) জড়িত থকাৰ সন্দেহত ঘটনাৰ মূল অভিযুক্ত মহম্মদ জাভেদৰ ঘৰটো স্থানীয় প্ৰশাসনে ভাঙি পেলাইছে । প্ৰশাসনে দাবী কৰা মতে ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল আৰু উচ্ছেদৰ পূৰ্বে আগতীয়া জাননী প্ৰদান কৰা হৈছিল ।
উচ্ছেদ চলোৱা ঘৰটো দৰাচলতে জাভেদৰ পত্নীৰ নামত আছিল । জাভেদৰ পত্নীয়ে আকৌ নিয়মীয়াকৈ গৃহ কৰ আৰু পানীকৰ পৰিশোধ কৰি আহিছিল । মূল কথাটো হ'ল যে উচ্ছেদৰ ঠিক আগদিনা জাননী প্ৰদান কৰা হৈছিল । উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ আৰু কানপুৰতো অনুৰূপ ধৰণে উচ্ছেদৰ নামত বুলডোজাৰ চলোৱা হৈছে ।
আনহাতে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে পূৰ্বে স্পষ্টভাৱে উল্লেখ কৰিছিল যে অবৈধ নিৰ্মাণত উচ্ছেদ চলোৱাৰ পূৰ্বে আগতীয়া জাননী প্ৰদান কৰিব লাগিব আৰু অভিযুক্তক তেওঁলোকৰ সংস্থাপনৰ বাবে সময় দিব লাগিব । কিন্তু হাস্যকৰ কথাটো হ'ল যে যদি চৰকাৰে প্ৰচিকিউটৰ আৰু বিচাৰক দুয়োৰে ৰূপত কাম কৰে আৰু প্ৰতিবাদকাৰীসকলক দমন কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে সেয়া কেৱল অৰাজকতাহে হ'ব । যাৰ বাবে উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশকে ধৰি ১২ গৰাকী বিশিষ্ট আইনবিদে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখিছে । যিয়ে আবাসীসকলক উচ্ছেদৰ নামত উপহাস কৰা বুলি অভিযোগ কৰিছে ।
তেওঁলোকে এই ধৰণৰ কাৰ্যৰ সমাপ্তিৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছিল । যেতিয়া হিংসাই সকলো নিঃশেষ কৰে তেতিয়া একমাত্ৰ ন্যায়পালিকা জনসাধাৰণৰ বাবে ৰক্ষাকবচ হৈ পৰে । এনে পৰিস্থিতিত ন্যায়পালিকাই সাধাৰণ লোকৰ পক্ষত থাকি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে ।
শেহতীয়াকৈ মধ্য প্ৰদেশৰ খাৰ্গোনত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষই সমগ্ৰ দেশ জোকাৰি গৈছে (MP Khargone violence)। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিছাৰে সতৰ্ক কৰি দিয়ে যে শিল নিক্ষেপৰ বাবে ব্যৱহৃত ঘৰবোৰ ধ্বংসস্তূপলৈ পৰিণত হ'ব । আচলতে যেতিয়া কোনো হিংসাত্মক ঘটনা হয়, প্ৰথমে ইয়াৰ দোষীসকলক চিনাক্ত কৰিব লাগে । তেওঁলোকৰ দোষ আইনৰ আদালতত প্ৰমাণিত হ'ব লাগে আৰু শাস্তি দিব লাগে ।
শেহতীয়াকৈ, উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক সলাভমণি ত্ৰিপাঠীয়ে টুইটাৰত কেইগৰাকীমান খাকী পোছাক পিন্ধা লোকৰ এটা ভিডিঅ' পোষ্ট কৰিছে য'ত যুৱক-যুৱতীৰ এটা দলক নিৰ্মমভাৱে তেওঁলোকে প্ৰহাৰ কৰি আছিল । বিধায়কগৰাকীয়ে শিৰোনামত লিখিছিল যে " প্ৰতিবাদকাৰীসকলক ঘূৰাই দিয়া এটা উপহাৰ ।" আনহাতে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে সতৰ্ক কৰি দিছে যে বুলডোজাৰ সদায় সমস্যা সৃষ্টিকাৰীসকলৰ বিৰুদ্ধে থাকিব ।
গুজৰাটৰ উপাধ্যক্ষ জেটাভাই আহিৰৰ বিৰুদ্ধে সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ কাৰ্য চলোৱাৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰাৰ বিষয়ে আপোনালোকে জনা উচিত । আদালতে তেওঁক জাননী জাৰি কৰিছিল । বেদখলৰ অভিযোগৰ সন্মুখীন হোৱা এনে কেইবাজনো প্ৰভাৱশালী ব্যক্তি আছে । যদিও এনে উলংঘনকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল, কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে প্ৰতিবাদকাৰীৰ কণ্ঠস্বৰ ৰুদ্ধ কৰিবলৈ বুলডোজাৰ ব্যৱহাৰ কৰি আহিছে ।
উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, দিল্লী, গুজৰাট, উত্তৰাখণ্ড আৰু অসমতো বুলডোজাৰ তীব্ৰ গতিত চলে । কৰ্ণাটকৰ নেতাসকলেও 'ইউপি মডেল' অনুসৰণ কৰিবলৈ আগ্ৰহী । মধ্য প্ৰদেশৰ উজ্জয়িনীত চলি থকা উচ্ছেদত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ দীপক গুপ্তাই আচৰিত হৈ কয় যে "ৰাজনীতিবিদ আৰু আৰক্ষীয়ে এনেদৰে আইন হাতত ল'লে সাধাৰণ মানুহ ক'লৈ যাব ?" একেটা প্ৰশ্ন সকলোৰে মনত আছে । সম্ভৱতঃ, এই সন্দৰ্ভত বিজেপি হাই-কমাণ্ডে উত্তৰ দিব লাগে ।
(প্ৰবন্ধটি বাতৰি কাকত ইনাডু ৰ সম্পাদকীয়)
লগতে পঢ়ক :যৌতুকজনিত অত্যাচাৰ ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা আদালতৰ