ETV Bharat / bharat

নিতৌ সুৰা-মাংস বিচৰা পুত্ৰৰ খাদ্যত মাতৃয়ে মিহলালে বিহ - mother killed her son

সুৰাই কাল হ'ল এজন যুৱকৰ । অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাত সংঘটিত হৈছে এই ঘটনাটো (Mother killed son in Vizianagaram of AP)। সদায় সুৰা অনাৰ বাবে হাৰাশাস্তি কৰি থকাত পুত্ৰৰ অত্য়াচাৰ সহ্য় কৰিব নোৱাৰি নিশা মাতৃয়ে ভাতত কীটনাশক মিহলাই খাবলৈ দি হত্যা কৰে (mother killed her son)।

mother-killed-son-in-vizianagaram-ap
mother-killed-son-in-vizianagaram-ap
author img

By

Published : Sep 18, 2022, 5:23 PM IST

নেশ্য়নেল ডেস্ক, ১৮ছেপ্টেম্বৰ: সুৰাৰ বাবেই মাতৃয়ে হত্য়া কৰিলে পুত্ৰক । এই ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাত (Tragic incident in Andhra Pradesh)। খাদ্য়ত কীটনাশক মিহলাই পুত্ৰক হত্য়া কৰাৰ পিছতে স্থানীয় আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত তেওঁক সোধা-পোছা আৰম্ভ কৰিছে ।

ঘটনাৰ বিৱৰণী অনুসৰি অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম জিলাৰ গড্ডু ৰামায়ম্মা (Goddu Ramayamma from Vizianagaram district) নামৰ মহিলাগৰকীৰ স্বামীৰ তিনি বছৰ পুৰ্বে মৃত্য়ু হৈছিল । ইয়াৰ পিছৰে পৰা তেওঁ পুচাপতিৰেগা মণ্ডলৰ গুণ্ডাপুৰেডিপালেমত কন্য়া সুনীতা আৰু পুত্ৰ সাইৰ(২০) সৈতে বাস কৰি আছিল । মহিলাগৰকীয়ে এটা স্থানীয় ফাৰ্মা কোম্পানীত কাম কৰি পৰিয়ালটোক প্ৰতিপালন কৰি আছে । ইয়াৰ মাজতে তেওঁৰ পুত্ৰ ৩ মাহ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈছিল । উক্ত দুৰ্ঘটনাত চাইৰ ভৰি ভাঙি বিচনাতে থাকিবলগীয়া হয় ।

এই যুৱকজন দীৰ্ঘদিনৰ পৰাই সুৰাৰ প্ৰতি আসক্ত আছিল । সেয়েহে ভৰি ভাঙি বিচনাতে থাকিবলগীয়া হোৱাত ঘৰতেই সুৰা পান কৰিবলৈ লয় । সাইয়ে তেওঁৰ মাতৃ আৰু ডাঙৰ ভনীয়েকক মাংস ৰন্ধা আৰু প্ৰতিদিনে সুৰা অনাৰ বাবে হাৰাশাস্তি কৰি আহিছিল । সুৰা নিদিলেই যুৱকজনে দুয়োকে প্ৰহাৰ কৰে । পুত্ৰৰ এনে অত্য়াচাৰ সহ্য় কৰিব নোৱাৰি ৰামায়ম্মাই শুক্ৰবাৰে নিশা সাইক ভাতত কীটনাশক মিহলাই খাবলৈ দিয়ে । সাইয়ে ভাত খোৱাৰ পিছতেই অচেতন হৈ পৰে (mother killed her son) ।

উল্লেখ্য় যে, মাতৃয়ে এম্বুলেঞ্চ এখনক আগতিয়াকৈ অৱগত কৰিছিল । লগে লগে পুত্ৰক চিকিৎসালয়লৈ নিয়ে । জিলা কেন্দ্ৰীয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে সাইৰ মৃত্যু হয় । ভগ্নী সুনীতাই সাইৰ মৃত্যুৰ বিষয়ে সন্দেহ প্ৰকাশ কৰি মাতৃক এই বিষয়ে সোধ-পোছ কৰে । মহিলাগৰাকীয়ে হাৰাশাস্তিৰ বাবে অতিষ্ঠ হৈ ভাতত কীটনাশক মিহলোৱা বুলি স্বীকাৰ কৰে ।

লগতে পঢ়ক:খাদ্য বিষক্ৰিয়াত 125 জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.