ETV Bharat / bharat

PM মোডীৰ উজ্জ্বলা যোজনা : দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ - PM মোডীৰ উজ্জ্বলা যোজনা

PM মোডীৰ উজ্জ্বলা যোজনাৰ কথা নজনা মানুহ হয়তো কমে ওলাব ৷ প্ৰথম পৰ্যায়ৰ আঁচনিৰ সফল ৰূপায়ণৰ পিছত মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হ’ব ৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ মহোবাত ৷

Ujjwala Yojana second phase
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায় শুভাৰম্ভ
author img

By

Published : Aug 10, 2021, 1:31 PM IST

নেশ্যনেল ডেস্ক, 10 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উজ্জ্বলা যোজনাৰ নতুন সংযোজন ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ পৰা উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰিব ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ এগৰাকী চৰকাৰী মুখপাত্ৰই অৱগত কৰা অনুসৰি, উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায়ত 10 জন হিতাধিকাৰীক প্ৰধানমন্ত্ৰীয়ে অনলাইনযোগে প্ৰমাণপত্ৰ প্ৰদান কৰিব ৷ দ্বিতীয় পৰ্যায়ৰ প্ৰথমভাগত বিভিন্ন ৰাজ্যৰ পাঁচগৰাকী হিতাধিকাৰীক এই সুবিধা প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক: বিদেশী নাগৰিককো দিয়া হ’ব প্ৰতিষেধক

তাৰে পৰৱৰ্তী পৰ্যায়ত ক্ৰমান্বয়ে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব হিতাধিকাৰীসকলে ৷ চৰকাৰী মুখপাত্ৰগৰাকীয়ে অৱগত কৰা অনুসৰি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ প্ৰায় 1 কোটি 47 লাখ 43 হাজাৰ 862 টা পৰিয়ালক দিব এলপিজিৰ সংযোজন ৷ তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মহোবাৰ পুলিচ লাইনৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত জৈৱ ইন্ধন প্ৰদৰ্শনীৰো মঙলবাৰে উদ্বোধন কৰিব ৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰিব কেন্দ্ৰীয় পেট্ৰ'লিয়াম তথা প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৷

লগতে পঢ়ক: এতিয়াৰে পৰা ঘৰতে লাভ কৰিব ডিজেল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.