ETV Bharat / bharat

ঝাৰখণ্ডৰ আইইডি বিস্ফোৰণত নিহত ৩ আৰক্ষী জোৱান - PRESSURE IED BLAST AT JHARKHAND

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ হোয়াহাটু গাওঁৰ বনাঞ্চলত মাওবাদীয়ে সংস্থাপন কৰা আইইডি বিস্ফোৰণৰ ফলত তিনিজনকৈ আৰক্ষীৰ বিশেষ জাগুয়াৰ জোৱানে প্ৰাণ হেৰুৱালে । এই বিস্ফোৰণত আন দুগৰাকী জোৱান গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হয় ।

ঝাৰখণ্ডৰ আইইডি বিস্ফোৰণত নিহত ৩ আৰক্ষী জোৱান

author img

By

Published : Mar 4, 2021, 5:20 PM IST

নিউজ ডেস্ক,৪ মাৰ্চ: পুনৰ ঝাৰখণ্ডত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ । মাওবাদীয়ে সংস্থাপন কৰা আইইডি বিস্ফোৰণৰ ফলত তিনিজনকৈ আৰক্ষীৰ বিশেষ জাগুয়াৰ জোৱানে প্ৰাণ হেৰুৱালে । পশ্চিম সিংভূম জিলাৰ ঝাৰঝাৰা অঞ্চলত সংঘটিত এই বিস্ফোৰণত আন দুগৰাকী জোৱান গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হয় ।

আৰক্ষীয়ে জনোৱা মতে বিস্ফোৰণত কনিষ্টবল হাৰ্ডৱাৰ শ্বাহ আৰু কনিষ্টবল কীৰণ সুৰিনৰ মৃত্যু হোৱাৰ লগতে হেড কনিষ্টবল দেৱেন্দ্ৰ কুমাৰ পণ্ডিত,কনিষ্টবল দীপ টপনো আৰু কনিষ্টবল নিক্কু ওৰাওঁ গুৰুতৰভাৱে আহত হয় । আহত জোৱান কেইজনক হেলিকপ্টাৰেৰে ৰাঁচীলৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যদিও ইয়াৰ এজনৰ চিকিৎসালয়ত মৃত্যু হয় ।

চিআৰপিএফে প্ৰকাশ বিবৃতি অনুসৰি দিনৰ প্ৰায় ৮.৪৫ বজাত পশ্চিম সিংভূমৰ হোয়াহাটু গাওঁৰ বনাঞ্চলত প্ৰেচাৰ আইইডিটো বিস্ফোৰণ হয় । ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান নীৰজ সিনহাই ঘটনাটো নিশ্চিত কৰাৰ লগতে বিস্ফোৰণ হোৱাৰ পিছৰে পৰা আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ চলি থকাৰ কথা প্ৰকাশ কৰে । জানিব পৰা মতে বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে ডিআইজি ৰাজীৱ ৰঞ্জন সিং আৰু আৰক্ষী অধীক্ষক অজয় লিণ্ডা । উল্লেখ্য যে ঝাৰখণ্ডৰ জাগুয়াৰ আৰু চি আৰ পি এফ জোৱানসকল অঞ্চলটোত মাওবাদী বিৰোধী অভিযানত জড়িত হৈ আছে ।

লগতে পঢ়ক:ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.