ETV Bharat / bharat

Firing in Punjab: পঞ্জাৱত পুনৰ অচিনাক্ত বন্ধুকধাৰীৰ গুলীবৰ্ষণ - Firing in Punjab

অমৃতসৰৰ খালচা মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা (Shooting outside Amritsar Khalsa college) । এখন বাইকত অহা দুই বন্দুকধাৰীয়ে গুলীয়াই আহত কৰিলে লৱপ্ৰীত সিং আৰু গুৰচিমৰণ সিং নামৰ দুজন ব্যক্তিক ৷

Firing in Punjab
Firing in Punjab
author img

By

Published : Jun 1, 2022, 9:32 PM IST

নিউজ ডেস্ক, 1 জুন: পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ গুলী ফুটিল ৰাজ্যখনত (Firing in Punjab)৷ বুধবাৰে অমিতচৰৰ খাচলা কলেজৰ সমীপত জি টি ৰোডত অচিনাক্ত বন্দুকধাৰীৰ গুলীত আহত হয় দুজন লোক (Two shot by bike borne assailants in Amritsar)৷ আহত ব্যক্তি দুজনক লৱপ্ৰীত সিং আৰু গুৰচিমৰণ সিং বুলি চিনাক্ত কৰা হৈছে ৷ দুয়োগৰাকী হৈছে বটলাৰ বাসিন্দা ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, লৱপ্ৰীট আৰু গুৰচিমৰণক বাইকত অহা দুই বন্দুকধাৰীয়ে গুলীয়াই আহত কৰে ৷ ঘটনা সংঘটিত কৰিয়েই অপৰাধীয়ে সেই স্থানৰ পৰা পলায়ন কৰে ৷ আৰক্ষীয়ে কয় যে, গুলীবিদ্ধ হোৱা লৱপ্ৰীত আৰু গুৰচিমৰণক চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । বৰ্তমান তেওঁলোক বিপদমুক্ত বুলি কোৱা হৈছে (Shooting outside Amritsar Khalsa college) ।

আক্ৰমণকাৰীক কৰায়ত্ব কৰিৰবলৈ ইতিমধ্যে আৰক্ষীয়ে চলাইছে অভিযান ৷

উল্লেখ্য যে, দেওবাৰে পঞ্জাৱৰ মানসা জিলাত অচিনাক্ত ব্যক্তিয়ে কৰা গুলীচালনাত জনপ্ৰিয় পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ (Punjabi singer Sidhu Moosewala murder) মৃত্যু হৈছিল ৷ পৰৱৰ্তী সময়ত কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰে কংগ্ৰেছ নেতাগৰাকীৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰে ৷ পঞ্জাৱ আৰক্ষীয়ে মানসা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০২, ৩০৭ আৰু ৩৪১ ধাৰা আৰু অস্ত্ৰ আইনৰ ২৫ আৰু ২৭ ধাৰাৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰিছে ।

গায়কগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ বাসগৃহৰ বাহিৰত মোতায়েন কৰা হয় এক বৃহৎ আৰক্ষী বাহিনী ৷ এই হত্যাকাণ্ডৰ পাছতে সংগৃহীত চিচিটিভি ফুটেজত দেখা গৈছিল যে, হত্যাকাণ্ডটো সংঘটিত হোৱা স্থানত পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ বাহনৰ পিছ লৈছিল আন দুখন বাহনে ৷ দুই মিনিটত মুঠ ত্ৰিশ জাঁই গুলী চলিছিল আৰু 28 টা গুলী লাগিছিল সিদ্ধুুৰ শৰীৰত ৷ বৰ্তমানেও এই ঘটনাৰ তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক : সিদ্ধু মুছেৱালাৰ নিৰাপত্তা প্ৰত্যাহাৰৰ বিষয়ত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.