ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ২ সন্ত্ৰাসবাদী

author img

By

Published : Jun 29, 2021, 10:55 AM IST

গ্ৰেপ্তাৰৰ এদিন পাছতে নিৰাপত্তা বাহিনীৰ গুলীত নিহত হ'ল লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ নাদিম আব্ৰাৰ । জম্মু-কাশ্মীৰৰ মালোৰা পৰিম্প'ৰাত নিৰাপত্তা বাহিনীৰ গুলীচালনা নিহত হয় এটা পাকিস্তানী সন্ত্ৰাসবাদীও । কাশ্মীৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিছে ।

Two militants killed in encounter in Parimpora
পৰিম্প'ৰাত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ২ সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, ২৯ জুন: অৱশেষত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হ'ল লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ নাদিম আব্ৰাৰ । মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ মালোৰা পৰিম্প'ৰাত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হয় সন্ত্ৰাসবাদীটো । মঙলবাৰে পুৱা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানত নিহত হয় আন এটা পাকিস্তানী সন্ত্ৰাসবাদী ।

কাশ্মীৰৰ আই জি পি বিজয় কুমাৰে টুইটযোগে জনোৱা তথ্য অনুসৰি, সোমবাৰে বুধগাম জিলাৰ নৰবাল অঞ্চলৰ পৰা আৰক্ষীয়ে লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ নাদিম আব্ৰাৰক গ্ৰেপ্তাৰ কৰিছিল । কেইবাটাও কূটাঘাতমূলক ঘটনাৰে জড়িত আছিল নাদিম । লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰজনক গ্ৰেপ্তাৰ কৰাতো এক বৃহৎ সাফল্য বুলি উল্লেখ কৰিছিল আৰক্ষী বিষয়াজনে । নাদিম আব্ৰাৰ বুধগাম জিলাৰ বাসিন্দা আৰু প্ৰয়াত কামাণ্ডাৰ ইউছুফ কাণ্ট্ৰুৰ সহযোগী আছিল ।

আনহাতে, মঙলবাৰে পুৱা পৰিম্প'ৰাৰ তালাচী চকীত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এখন বাহন ৰখাই বাহনত থকা লোককেইজনৰ পৰিচয় সুধিছিল । সেই সময়তে পিছফালৰ আসনত বহি থকা সন্ত্ৰাসবাদীটোৱে বেগৰ পৰা এটা গ্ৰেণেড উলিয়ায় । কিন্তু আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে দক্ষতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সন্ত্ৰাসবাদীটোক কৰায়ত্ত কৰে ।

বাহনখনৰ চালকজনকো আৰক্ষীয়ে সোধা-পোছাৰ বাবে থানালৈ লৈ যায় । আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু সেনাৰ জেৰাত পোহৰলৈ আহে যে, উক্ত সন্ত্ৰাসবাদীটো লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ নাদিম আব্ৰাৰ । আৰক্ষীয়ে নাদিমৰ পৰা পিষ্টল আৰু হেণ্ড গ্ৰেণেড জব্দ কৰে । জেৰাত নাদিমে স্বীকাৰ কৰে যে, এ কে ৪৭ ৰাইফল মালোৰা অঞ্চলত লুকুৱাই থৈছে ।

পিছত নাদিমক লগত লৈ আৰক্ষীয়ে মালোৰা অঞ্চলৰ এটা ঘৰত তালাচী অভিযান চলায় । ইফালে, ঘৰটোত পূৰ্বৰে পৰা নাদিমৰ সহযোগী আত্মগোপন কৰি আছিল । এই বিষয়ে অভিযানকাৰী দলটো অৱগত নাছিল ।

আৰক্ষী, অৰ্ধ সামৰিক বাহিনী ঘৰটোত প্ৰৱেশ কৰাৰ লগে লগে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । এই ঘটনাত অৰ্ধ সামৰিক বাহিনীৰ ৩ জন জোৱান আহত হয় । আনহাতে, ঘৰটোৰ ভিতৰৰ পৰা গুলীচালনা কৰা এটা সন্ত্ৰাসবাদী আৰু নাদিম আব্ৰাৰ নিহত হয় ।

লগতে পঢ়ক:ক'ভিডে প্ৰভাৱিত কৰা খণ্ডৰ বাবে ১.১ লাখ কোটি টকা ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.