নেশ্যনেল ডেস্ক, ২১ মে' : উত্তৰ-পূৱত ম্যানমাৰৰ উগ্ৰপন্থীৰ কূটাঘাতৰ আশংকা । মণিপুৰৰ বিষ্ণুপুৰত অস্ত্ৰ-শস্ত্ৰসহ ম্যানমাৰৰ নাগৰিকসহ এজন লোক গ্ৰেপ্তাৰ হোৱাৰ পাছতে বৃদ্ধি পাইছে উত্তেজনা(Myanmar national arrested with arms in Manipur)। সম্প্ৰতি মণিপুৰত আৰক্ষী তথা নিৰাপত্তা বাহিনী সষ্টম হৈ পৰিছে ।
শুকুৰবাৰে আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত লোক দুজনক গ্ৰেপ্তাৰ কৰা হয় । বিষ্ণুপুৰ জিলা কামাণ্ডো আৰু লোকটক বেটেলিয়নৰ ৩১ অসম ৰাইফলছৰ যুটীয়া দলটোৱে টৰবুং বজাৰৰ পৰা লোক দুজনক গ্ৰেপ্তাৰ কৰে । লোক দুজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে । জব্দ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভিতৰত আছে পাঁচটা ০.৩২ এমকে-II পিষ্টল, ১০ টা মেগজিন আৰু ৫ জাই গুলী ।
![Arms recover](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15344483_3x2_gh_01_aspera.jpg)
আৰক্ষী সূত্ৰই জনোৱা মতে চুৰাচান্দপুৰৰ পৰা বিষ্ণুপুৰ জিলাৰ অন্তৰ্গত মইৰাং ফাললৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সৰবৰাহৰ এক গোপন খবৰ লাভ কৰা হৈছিল (Arms supply in Manipur)। খবৰৰ ভিত্তিতে টৰবুং অঞ্চলত ব্যাপক তালাচী চলোৱা হৈছিল ।
তালাচীৰ সময়তে আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনৰ পৰা অস্ত্ৰ-শস্ত্ৰখিনি জব্দ কৰে । লগতে বাহনখনত থকা দুই যাত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে ইয়াৰে এজন ম্যানমাৰ নাগৰিক আৰু আনজন চুৰাচান্দপুৰ জিলাৰ বুলি চিনাক্ত কৰা হয় । পৰৱৰ্তী সময়ত জব্দ হোৱা সামগ্ৰীখিনি নিকটতম মৈৰাং আৰক্ষী থানাক হস্তান্তৰ কৰা হয় । অৱশ্যে বৰ্তমানলৈ আৰক্ষীয়ে প্ৰকাশ কৰা নাই লোককেইজনৰ পৰিচয় ৷
লগতে পঢ়ক :সাতগাঁও আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ দুই গভাইত চোৰ