ETV Bharat / bharat

দুই দুৰ্ধৰ্ষ মাওবাদীৰ আত্মসমৰ্পন: দুয়োৰে মূৰৰ দাম আছিল 12 লাখ টকা - বিহাৰত এটা দুৰ্ধৰ্ষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে

মহাৰাষ্ট্ৰৰ গড়চিৰোলী আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে দুগৰাকী দুৰ্ধৰ্ষ মাওবাদী কেডাৰে (Hardcore Naxals surrender before Maharashtra police)। মাওবাদী কেইগৰাকী ক্ৰমে ৰামসিং ওৰফে সীতাৰাম বাক্কা আতৰাম আৰু মাধুৰী ওৰফে ভুৰী ওৰফে সুমন ৰাজু মাট্টামী । দুয়োৰে মূৰৰ দাম প্ৰশাসনে মুঠ ১২ লাখ টকা ঘোষণা কৰিছিল ।

Maoist surrender
মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ দুই দুৰ্ধৰ্ষ মাওবাদীৰ
author img

By

Published : May 26, 2022, 6:43 PM IST

নেশ্যনেল ডেস্ক,২৬ মে' : আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তৎপৰতা, সমৰ্থনৰ অভাৱ আদি কাৰণত পূৰ্বতকৈ দেশত মাওবাদীৰ সক্ৰিয়তা হ্ৰাস হোৱা দেখা গৈছে । শেহতীয়াকৈ বিহাৰত এটা দুৰ্ধৰ্ষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে (Maoist leader found dead in Bihar)। এইবাৰ মহাৰাষ্ট্ৰত মাওবাদীয়ে আত্মসমৰ্পণ কৰাৰ তথ্য পোহৰলৈ আহিছে ।

বুধবাৰে মহাৰাষ্ট্ৰৰ গড়চিৰোলী আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে দুগৰাকী দুৰ্ধৰ্ষ মাওবাদী কেদাৰে (hardcore Naxals surrender before Maharashtra police)। জানিব পৰা মতে মাওবাদী দুগৰাকীৰ বিৰুদ্ধে হত্যা, অগ্নিসংযোগ আৰু কেইবাটাও আক্ৰমণৰ অভিযোগ আছে । যাৰ বাবে মাওবাদী দুগৰাকী বিৰুদ্ধে আৰক্ষীয়ে মুঠ ১২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰি থৈছিল ।

মাওবাদী দুগৰাকী ক্ৰমে ৬৩ বছৰীয়া ৰামসিং ওৰফে সীতাৰাম বাক্কা আতৰাম আৰু ৩৪ বছৰীয়া মাধুৰী ওৰফে ভুৰী ওৰফে সুমন ৰাজু মাট্টামী বুলি জানিব পৰা গৈছে ৷ দুয়োটা মাওবাদীয়ে গড়চিৰোলীৰ বাসিন্দা ৷

মাট্টামীক ২০০২ চনত কাচানচুৰ স্থানীয় সংগঠন স্কোৱাডৰ (LOS) সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০১৩ চনৰ পৰা ২০২২ লৈ পাৰমিলি এলঅ'এছৰ সদস্য হিচাপে কাম কৰিছিল । মাট্টামীৰ বিৰুদ্ধে চাৰিটা হত্যাকাণ্ড, ২১ টা এনকাউণ্টাৰ, ৭ টা অগ্নিসংযোগৰ ঘটনা আৰু ৫ টা আন গোচৰ ৰুজু হৈ আছে আৰু তেওঁৰ বিৰুদ্ধে ৩৭ টা অপৰাধজনিত গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি আৰক্ষীয়ে জনায় ৷ আৰক্ষীয়ে জনোৱা মতে, মাট্টামীয়ে জ্যেষ্ঠ মাওবাদীৰ দ্বাৰা বৈষম্যৰ সন্মুখীন হোৱাৰ ফলতে আত্মসমৰ্পণ কৰিছে ৷

ইয়াৰ উপৰিও, আতৰামক ২০০৫ চনত আহেৰী এল অ' চিৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল । ২০০৭ চনৰ পৰা ২০১২ চনলৈ, আন্দোলনৰ উপ-কমাণ্ডাৰ হিচাপেও কাম কৰাৰ লগতে এটা হত্যাকাণ্ড আৰু দুটা এনকাউণ্টাৰত জড়িত আছিল আতৰাম ৷ বিবৃতিটোত উল্লেখ কৰা মতে আতৰামৰ বিৰুদ্ধে তিনিটাকৈ অপৰাধজনিত গোচৰ পঞ্জীয়ন কৰা হৈছিল ।

ইফালে আৰক্ষীয়ে জনোৱা মতে, আতৰামে ৰাজ্য চৰকাৰৰ কল্যাণমূলক আঁচনিৰ প্ৰতি আকৰ্ষিত হৈ আত্মসমৰ্পণৰ সিদ্ধান্ত লৈছে ৷ আতৰাম আৰু মাট্টামী দুয়োগৰাকীয়ে এতিয়া পুনঃসংস্থাপনৰ বাবে চৰকাৰৰ পৰা ৪.৫ লাখ টকা লাভ কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ গড়চিৰোলীৰ আৰক্ষী অধীক্ষক অংকিত গোৱেলে এক বিবৃতিযোগে কয় যে, শেহতীয়াকৈ বহুতো মাওবাদীয়ে ৰাজ্য চৰকাৰৰ আত্মসমৰ্পণ নীতিৰ প্ৰতি আকৰ্ষিত হৈছে ।

২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৯ গৰাকী দুৰ্ধৰ্ষ মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে ৷ আৰক্ষীয়ে আশ্বাস প্ৰদান কৰি কয় যে মূলসুঁতিলৈ ঘূৰি আহিব বিচৰা লোকসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ'ব ।

লগতে পঢ়ক :বিহাৰৰ অৰণ্যত উদ্ধাৰ দুৰ্ধৰ্ষ মাওবাদীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.