ETV Bharat / bharat

ফিৰোজাবাদৰ এক পথ দুৰ্ঘটনাত ২ জনৰ মৃত্য়ু

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ । ভয়ংকৰ পথ দুৰ্ঘটনাটোত দুগৰাকী যাত্ৰীৰ মৃত্য়ু হোৱাৰ লগতে ৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ।

author img

By

Published : Jan 3, 2021, 7:07 PM IST

ফিৰোজাবাদৰ পথ দুৰ্ঘটনাত ২ জনৰ মৃত্য়ু
ফিৰোজাবাদৰ পথ দুৰ্ঘটনাত ২ জনৰ মৃত্য়ু

নেশ্য়নেল ডেস্ক , ৩ জানুৱাৰী : উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত ভয়ংকৰ পথ দুৰ্ঘটনা । আগ্ৰা-লক্ষ্ণৌ সংযোগী ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । গুৰগাৱৰ পৰা ৰায়বৰেলীলৈ গৈ থকা অৱস্থাত এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে । ফলত বাছখনৰ দুগৰাকী যাত্ৰীৰ মৃত্য়ু হোৱাৰ লগতে ৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহত কেইজন সম্প্ৰতি ফিৰোজাবাদস্থিত মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ আছিল UP-33-BT-0546 আৰু ট্ৰাক খনৰ নম্বৰ হৈছে UP-64-AT-6579 । ঘটনাৰ পিছতে সেই স্থানত উপস্থিত হোৱা আৰক্ষীয়ে দুৰ্ঘটনাত আহত ৭ জনক পঠিয়াই ফিৰোজাবাদস্থিত মেডিকেল কলেজলৈ । কিন্তু দুৰ্ভাগ্য়জনকভাৱে চিকিৎসকে তাৰে দুগৰাকীক মৃত ঘোষণা কৰে । আহত সকলৰ ভিতৰত মৃত কুলকাণ্টী নামৰ মহিলা গৰাকীৰ ৬ বছৰীয়া এটি সন্তানো আছে ।

লগতে পঢ়ক : দিল্লীত একাংশ লোকৰ নিৰ্মম প্ৰহাৰত মৃত্য়ু এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.