ETV Bharat / bharat

আজিৰে পৰা বিজেপি-RSS ৰ দুদিনীয়া সমন্বয় বৈঠক - সমন্বয় বৈঠক

দিল্লীত মঙলবাৰৰ পৰা আৰম্ভ হ'ব বিজেপি(BJP) আৰু আৰ এছ এছ(RSS)ৰ সমন্বয় বৈঠক । দুদিনীয়া কাৰ্যসূচীৰে এই বৈঠক অনুষ্ঠিত হ'ব । বৈঠকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব প্ৰতিনিধিসকলে ।

Coordination meeting of BJP, RSS to begin today
আজিৰ পৰা আৰম্ভ হ'ব বিজেপি-আৰ এছ এছৰ দুদিনীয়া সমন্বয় বৈঠক
author img

By

Published : Oct 19, 2021, 9:45 AM IST

নেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ : মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিজেপি(BJP) আৰু আৰ এছ এছ(RSS)ৰ সমন্বয় বৈঠক অনুষ্ঠিত হ'ব । সোমবাৰে এক সূত্ৰই জানিবলৈ দিয়া মতে, এই বৈঠক দিল্লীত অনুষ্ঠিত হ'ব । বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক(সাংগঠনিক) বি এল সন্তোষ, কেইবাগৰাকীও দলীয় বিষয়ববীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব ।

লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকিব । শিক্ষা, সংস্কৃতি আৰু অৰ্থনীতি আদি বিভিন্ন খণ্ডৰে জড়িত আৰ এছ এছৰ অধীনৰ সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব বৈঠকত । চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব আৰ এছ এছ আৰু বিজেপিৰ নেতৃবৰ্গই ।

উল্লেখ্য যে, বিজেপি আৰু আৰ এছ এছৰ নেতৃবৰ্গই প্ৰায়ে এনে ধৰণৰ বৈঠকত অংশ লৈ চৰকাৰী নীতিসমূহৰ বিষয়ে আলোচনা কৰে ।

লগতে চাওক: বৰষুণত ক্ষতিগ্ৰস্ত কেৰালাত মৃতকৰ সংখ্যা 27 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.