ETV Bharat / bharat

Pak Twitter Accounts Blocked : টুইটাৰে ভাৰতত ব্লক কৰিলে পাকিস্তান চৰকাৰৰ একাউণ্ট

author img

By

Published : Mar 30, 2023, 10:59 AM IST

পাকিস্তান চৰকাৰ আৰু ৰেডিঅ' পাকিস্তানৰ প্ৰমাণীকৃত অফিচিয়েল টুইটাৰ একাউণ্টবোৰ ভাৰতৰ টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বাবে ব্লক কৰা হৈছে (Twitter blocks Pak Govt accounts in India) ।

twitter
twitter

নিউজ ডেস্ক, ৩০ মাৰ্চ : এক শেহতীয়া ঘটনাক্ৰমত টুইটাৰে ভাৰতত পাকিস্তান চৰকাৰ আৰু ৰেডিঅ' পাকিস্তানৰ প্ৰমাণীকৃত অফিচিয়েল টুইটাৰ হেণ্ডেলসমূহ ব্লক কৰিছে (Twitter blocks Pak Govt accounts in India) । এক আইনী হস্তক্ষেপৰ সঁহাৰিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইটিভি ভাৰতে একাউণ্টটো লাভ কৰিবলৈ চেষ্টা কৰাৰ সময়ত এই সন্দৰ্ভত দিয়া এটা বাৰ্তা লাভ কৰে । বাৰ্তাটো লাখা আছে : "আইনী দাবীৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতত পাকিস্তান চৰকাৰৰ একাউণ্ট স্থগিত ৰখা হৈছে (Radio Pakistan twitter account blocked in India) ।"

একেদৰে ৰেডিঅ' পাকিস্তানৰ টুইটাৰ একাউণ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতেও একে ধৰণৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল । টুইটাৰৰ জাননীখনত কোৱা হৈছে, "আইনী দাবীৰ সঁহাৰি স্বৰূপে ভাৰতত ৰেডিঅ' পাকিস্তানৰ একাউণ্ট স্থগিত ৰখা হৈছে ।" উল্লেখ্য, বুধবাৰে আইনী দাবীৰ সঁহাৰি স্বৰূপে ভাৰতত বিবিচিৰ পাঞ্জাবী টুইটাৰ হেণ্ডেলো ব্লক কৰা হয় আৰু দিনটোৰ শেষত সেয়া পুনৰ সক্ৰিয় কৰা হয় ।

ভাৰতত ব্লক পাক চৰকাৰ আৰু পাকিস্তান ৰেডিঅ'ৰ টুইটাৰ একাউণ্ট

এইটো মন কৰিবলগীয়া যে ২০২২ চনৰ অক্টোবৰত ভাৰতত পাকিস্তান চৰকাৰৰ টুইটাৰ একাউণ্টটো বন্ধ কৰি দিয়া হৈছিল । ইয়াৰ কেইমাহমান আগতেও এই হেণ্ডেলটোৰ ক্ষেত্ৰতো একেই ঘটিছিল ।

মাইক্ৰ'ব্লগিং ছাইটৰ নিৰ্দেশনা (microblogging sites guidelines) অনুসৰি, এক বৈধ আইনী দাবীৰ সঁহাৰি স্বৰূপে এনে পদক্ষেপ লোৱা হয় । উদাহৰণ স্বৰূপে আদালতৰ আদেশ । "এক বৈধ আইনী দাবী, যেনে আদালতৰ আদেশৰ সঁহাৰি স্বৰূপে টুইটাৰে নিৰ্ধাৰিত সমগ্ৰ একাউণ্টটো বন্ধ কৰিবলৈ বাধ্য হৈছিল ।" নিৰ্দেশনাৱলীত এনেদৰে কোৱা হৈছিল ।

উল্লেখ্য যে বৰ্তমান সমগ্ৰ একাউণ্টৰ কাৰ্যকলাপ ভাৰতত বাস কৰা টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বাবে দৃশ্যমান নহয় । স্মৰ্তব্য যে টুইটাৰে যোৱা বছৰ জুনত ৰাষ্ট্ৰসংঘ, তুৰস্ক, ইৰাণ আৰু ইজিপ্তত পাকিস্তানৰ দূতাবাসৰ কেইবাটাও চৰকাৰী একাউণ্ট স্থগিত কৰিছিল । পিছত আগষ্ট মাহত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৮টা ইউটিউব ভিত্তিক বাতৰি চেনেল বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে । ইয়াৰ ভিতৰত আছিল পাকিস্তানৰ পৰা পৰিচালনা কৰা এটা ইউটিউব আৰু এটা ফেচবুক একাউণ্ট । অনলাইনত "ভুৱা, ভাৰতবিৰোধী তথ্য" পোষ্ট কৰাৰ বাবে এই একাউণ্ট ব্যৱহাৰৰ অভিযোগ ।

আনহাতে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কৈছে যে তথ্য-প্ৰযুক্তি নিয়ম, 2021-ৰ অধীনত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰি এই পদক্ষেপ আৰম্ভ কৰা হৈছিল । অৱৰোধ কৰা ভাৰতীয় ইউটিউব চেনেলবোৰে ভুৱা আৰু উত্তেজনাপূৰ্ণ থাম্বনেইল, নিউজ এংকৰৰ ছবি আৰু কিছুমান টিভি নিউজ চেনেলৰ লোগো ব্যৱহাৰ কৰি দৰ্শকসকলক বিপথে পৰিচালিত কৰি বাতৰিটো প্ৰমাণিক বুলি বিশ্বাস কৰোৱা দেখা গৈছিল । বিবৃতিটোত এনেদৰে কোৱা হয় ।

লগতে পঢ়ক :Trans Day of Vengeance Controversy: টুইটাৰে আঁতৰালে তৃতীয় লিংগ প্ৰতিশোধ দিৱসৰ পোষ্ট

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.