ETV Bharat / bharat

ত্ৰিপুৰাত 'ত্ৰিপল ইঞ্জিন' চৰকাৰ গঠনক লৈ দৃঢ়বিশ্বাসী বিজেপি

author img

By

Published : Apr 7, 2021, 2:09 PM IST

ত্ৰিপুৰাত 'ত্ৰিপল ইঞ্জিন' চৰকাৰ গঠন কৰিব বুলি পুনৰ দৃঢ়তাৰে দাবী কৰিলে বিজেপিয়ে । ত্ৰিপুৰাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই কয় যে, ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ অঞ্চলৰ লোকসকলে উন্নয়নৰ বাবে "তৃতীয় ইঞ্জিন" গঠন কৰাতো নিশ্চিত কৰি শান্তিপূৰ্ণভাৱে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে ।

ত্ৰিপুৰাত 'ত্ৰিপল ইঞ্জিন' চৰকাৰ গঠন কৰাৰ দাবী বিজেপিৰ

নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল : যোৱা ৬ এপ্ৰিলত ত্ৰিপুৰাত অনুষ্ঠিত হয় ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচন । এই নিৰ্বাচনত প্ৰায় ৮৫ শতাংশ ভোটদান সম্পন্ন হয় । স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ পিছতে বিজেপিয়ে পুনৰ জয় লাভৰ কথা দাবী কৰে ।

ত্ৰিপুৰাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰি এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই কয় যে, ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ অঞ্চলৰ লোকসকলে উন্নয়নৰ বাবে "তৃতীয় ইঞ্জিন" গঠন কৰাতো নিশ্চিত কৰি শান্তিপূৰ্ণভাৱে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে ।

নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত বিজেপিয়ে ব্যৱহাৰ কৰা 'ডাবল ইঞ্জিন' চৰকাৰৰ ধাৰণাৰ পিছত এতিয়া 'ত্ৰিপল ইঞ্জিন' চৰকাৰৰ প্ৰসংগ উত্থাপন হৈছে । বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে আৰু ৰাইজে উন্নয়নৰ বাবে ভোটদান কৰিছে । আনহাতে, নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তেওঁ কয় যে, ৰাজ্যখনৰ কেইবা ঠাইতো বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল যদিও এই ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰাত বাধা দিয়া হৈছিল ।

এনে ঘটনাৰ সৈতে বিজেপি জড়িত হৈ থকা কথা তেওঁ অস্বীকাৰ কৰে । বিৰোধী দলসমূহক সমালোচনা কৰি তেওঁ কয় যে, দীৰ্ঘদিন ধৰি চি পি আই এমে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদত শাসন কৰি আছে আৰু চি পি আই এমে এন হিংসা আৰু ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । লগতে তেওঁ মন্তব্য কৰে যে, চি পি আই এমৰ নিৰ্দেশতে স্পষ্টভাৱে এনে ধৰণৰ কাম কৰি থকা কিছুমান ৰাজনৈতিক দলে সকলো ঠাইতে এই ঘটনা সংঘটিত কৰি তেওঁলোকৰ প্ৰকৃত ৰং দেখুৱাইছে ।

লগতে পঢ়ক:বিজেপিয়ে দুটা সংখ্যাৰ ঘৰো স্পৰ্শ কৰিবলৈ অসমৰ্থ হ'ব : পিযুষ বিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.