আগৰতলা,০৩ মাৰ্চ: ৮ মাৰ্চত আগৰতলাত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah to visit Tripura) । শ্বাহক উষ্ম আদৰণি জনোৱাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে প্ৰদেশ বিজেপিয়ে (Pradesh BJP gearing up to welcome home minister) । আগৰতলাত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অমিত শ্বাহে । অমিত শ্বাহৰ কাৰ্যসূচী সন্দৰ্ভত ত্ৰিপুৰা বিজেপিৰ সাধাৰণ সম্পাদক টিংকু ৰয়ে জনাই যে ত্ৰিপুৰা গোটৰ মুৰব্বী ড০ মানিক সাহাৰ নেতৃত্বত দলটোৱে প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰে ।
স্বামী বিবেকানন্দ ষ্টেডিয়ামত ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা আয়োজিত এক ৰাজহুৱা সভাত জনতাক সম্বোধন কৰিব শ্বাহে । এই কাৰ্যসূচীৰ বাহিৰে, আন সকলো অনুষ্ঠান চৰকাৰৰ পৃষ্ঠপোষকতাত অনুস্থিত হ'ব । যদিও ত্ৰিপুৰাৰ ৫০ তম ৰাজ্য দিৱসত গহমন্ত্ৰীগৰাকীক উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছিল কিন্তু, কিছু বিশেষ কাৰণত সেই অনুস্থানত উপস্থিত থাকিব নোৱাৰিব শ্বাহ ।
ত্ৰিপুৰাৰ বিজেপি-আইপিএফটি চৰকাৰৰ চতুৰ্থ বাৰ্ষিকী উপলক্ষে আয়োজিত এক ৰাজহুৱা সমাৱেশতো অংশগ্ৰহণ কৰিব শ্বাহে । ৰাজনৈতিক কাৰ্যসূচীৰ উপৰিও তেওঁ আগৰতলাৰ বুদ্ধ মন্দিৰত ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ চৌহদ উদ্বোধন কৰিব আৰু বিশ্ববিদ্যালয়খনৰ নতুন ভৱনৰ বাবে প্ৰস্তাৱিত স্থানত ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
শ্বাহে ত্ৰিপুৰাৰ গোমতী জিলাৰ অন্তৰ্গত উদয়পুৰত মাতা ত্ৰিপুৰাসুন্দৰী মন্দিৰৰ বাবে নতুনকৈ নিৰ্মান কৰা ৰূপৰ দুৱাৰো উদ্বোধন কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে বিজেপিৰ কৰ্মকৰ্তাসকলৰ মনোবল যথেষ্ট বৃদ্ধি কৰিব বুলিও আশা প্ৰকাশ কৰে ত্ৰিপুৰা বিজেপিৰ সাধাৰণ সম্পাদক টিংকু ৰয়ে ।
লগতে পঢ়ক: ৰোমানিয়াৰ পৰা ৪ হাজাৰতকৈও অধিক ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ কৰা হ'ব : সিন্ধিয়া