আগৰতলা, 7 জুলাই : গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে ত্ৰিপুৰা আৰক্ষীৰ অভিযান (Police arrested five smugglers along with a vehicle loaded with cattle) ৷ শেহতীয়াকৈ বুধবাৰৰ নিশাও ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই এখন গৰু ভৰ্তি বাহন জব্দ কৰাৰ লগতে গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত পাঁচজন লোকক আটক কৰে ত্ৰিপুৰাৰ দামচেৰা আৰক্ষীয়ে ৷
উল্লেখ্য যে, গোপন সূত্ৰৰ পম খেদি পানীসাগৰ মহকুমা আৰক্ষী বিষয়া(SDPO) সৌভিক দেৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নিশা অভিযান চলাই গৰুৰ চোৰাং সৰবৰাহ কৰাৰ অৱস্থাতে এখন 12 চকীয়া ট্ৰাকৰ পৰা 12 টাকৈ গোধন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে এই সৰবৰাহৰ সৈতে জড়িত পাঁচজন লোক ক্ৰমে, মুকেশ মিয়া (৪১), কাজিৰ হুছেইন (৩৬), ৰুবেল মিয়া (২৫), ধনঞ্জয় বৰ্মন (৩৬) আৰু ৰতিন মিয়াক (৩০) আটক কৰে ৷
এই সন্দৰ্ভত আৰক্ষী বিষয়া সৌভিক দেয়ে কয় যে, এক গোপন সূত্ৰৰ জৰিয়তে গৰুৰ চোৰাং সৰবৰাহ কাৰ্য চলি থকাৰ তথ্য লাভ কৰাত আৰক্ষীয়ে নিশাই ত্ৰিপুৰা-মিজোৰাম সীমান্তৰ দামচেৰাৰ মুজফ্ফৰ নগৰত এক অভিযান চলাইছিল ৷ ইফালে আটকাধীন লোককেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ লগতে আটাইকে আদালতত হাজিৰ কৰোৱাৰ কথা সদৰি কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে ৷ আনহাতে, জব্দ হোৱা গোধনকেইটাক পশু আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা বুলি জনালে বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক : গৌৰীপুৰত ভি আই পি ছাগলী চোৰ আটক