আগৰতলা, 29 জুন: ড্ৰাগচৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অভিযান ৷ মঙলবাৰে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ অন্তৰ্গত ধৰ্মনগৰ মহকুমাত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ ভাং সহ ৭ গৰাকী মহিলা আৰু এজন লোকক গ্ৰেপ্তাৰ কৰে (Tripura police arrest eight smugglers with cannabis)। ধৃত অভিযুক্তকেইজনৰ নাম ক্ৰমে আশীষ দাস (৩০), দাৰ্জিলিঙৰ বাসিন্দা সুষমা চাৰাকি (২১) , শিলিগুৰিৰ কাঞ্চন সহানী (৩৬), পিংকি সহানী (৩৫) শিলিগুৰিৰ সোভা মাহাটো (৩০), টুম্পা দাস(২৬), কোচবিহাৰৰ চম্পা ৰাণী দাস(৩০) আৰু শিলিগুৰিৰ ৰম্ভা মাহাটো (৩০) বুলি জানিব পৰা গৈছে ।
ধৰ্মনগৰ মহকুমা আৰক্ষী বিষয়া সৌম্য দেৱ বৰ্মাই জনোৱা মতে, ধৰ্মনগৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছৰ পৰা এখন ই-ৰিক্সাৰে বাগবাছা অঞ্চলৰ দিশে যাত্ৰা কৰিছিল । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বাগবাছা আউটপষ্টৰ আৰক্ষীয়ে ই-ৰিক্সাখনত তালাচী চলাই ৮ জন যাত্ৰীক আটক কৰে । তালাচী অভিযানত ই-ৰিক্সাখনৰ পৰা ৫৮.৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে (Large quantity of cannabis seized in Tripura) ৷
সৰবৰাহকাৰী দলটোৱে বেগত ভৰাই আনিছিল জব্দ কৰা ২০ পেকেট গাঞ্জা । লগতে আৰক্ষীৰ দলটোৱে মহিলা সহ 8 গৰাকী ব্যক্তিক আটক কৰে ৷
অধিক তথ্যৰ বাবে ত্ৰিপুৰা আৰক্ষীয়ে অভিযুক্ত মহিলাসহ আটাইকে জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: হোজাইত লক্ষাধিক টকাৰ গাঞ্জা জব্দ