ETV Bharat / bharat

মোডীৰ মন্ত্ৰীসভাত পূৱ ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিক

author img

By

Published : Jul 8, 2021, 1:01 PM IST

Updated : Jul 8, 2021, 8:26 PM IST

পূৱ ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিকে (Pratima Bhowmik) 2019 ৰ লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছৰে পৰা মোডী ২.০ কেবিনেটত এজন কেন্দ্ৰীয় মন্ত্ৰীৰ পদ পাব পাৰে বুলি গুণাগাঁথা চলি আহিছিল ৷ বহু বছৰৰ অপেক্ষাৰ অন্তত ই বাস্তৱতা পৰিণত হয় আৰু তেওঁ ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা সাংসদ আৰু ত্ৰিপুৰাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীৰ পদৱী লাভ কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী স্থায়ী বাসিন্দা ।

মোডীৰ মন্ত্ৰীসভাত পূৱ ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিক
মোডীৰ মন্ত্ৰীসভাত পূৱ ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিক

আগৰতলা, 8 জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi)ৰ মন্ত্ৰীসভাৰ বুধবাৰে সম্প্ৰসাৰণ ঘটোৱা হয় ৷ মোডীৰ নতুন মন্ত্ৰীসভাত নতুনকৈ 43 জন মন্ত্ৰীয়ে স্থান লাভ কৰে ৷ মোডীৰ মন্ত্ৰীসভা (Union Ministers)ত নতুনকৈ স্থান লাভ কৰাসকলৰ অন্যতম হৈছে পূৱ ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিক (Tripura MP Pratima Bhowmik) ৷ তেওঁক মোডী মন্ত্ৰীসভাত সামাজিক ন্যায় আৰু সশক্তিকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দপ্তৰ প্ৰদান কৰা হৈছে ৷

প্ৰতিমা ভৌমিকে (Pratima Bhowmik) বুধবাৰে প্ৰধানমন্ত্ৰী মোডীৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ প্ৰতিমা ভৌমিকৰ কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Ministers)ত অন্তৰ্ভুক্তি ঐতিহাসিক হিচাপে বিবেচিত কৰা হৈছে ৷ কিয়নো ৰাষ্ট্ৰীয় ৰাজনীতিত এগৰাকী কেবিনেট মন্ত্ৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ভৌমিক ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা ৰাজনীতিবিদ আৰু স্থায়ী বাসিন্দা ৷

পূব ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিকে (Pratima Bhowmik) দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আহিছিল । ভৌমিকে ২০১৮ চনৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত গৃহ সমষ্টি ধনপুৰৰ পৰা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ বিৰুদ্ধে অৱৰ্তীণ হৈ পৰাজিত হৈছিল ৷ ইয়াৰ পাছত 2019 ৰ লোকসভা নিৰ্বাচনত তেওঁ পশ্চিম ত্ৰিপুৰা সমষ্টিৰ পৰা টিকট লাভ কৰে আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰে ।

লোকসভা নিৰ্বাচনত জয়ৰ পাছৰে পৰা ত্ৰিপুৰাৰ ৰাজনৈতিক মহলত তেওঁক মোডী ২.০ কেবিনেটত এজন কেন্দ্ৰীয় মন্ত্ৰীৰ পদ পাব পাৰে বুলি গুণাগাঁথা চলি আহিছিল ৷ অৱশেষত বহু বছৰৰ অপেক্ষাৰ অন্তত ই বাস্তৱত পৰিণত হয় আৰু তেওঁ ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা সাংসদ আৰু ত্ৰিপুৰাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীৰ পদৱী লাভ কৰা তৃতীয়গৰাকী ব্য়ক্তি বিবেচিত হয় ।

উল্লেখ্য যে, 1965 চনত ড০ ত্ৰিগুণা সেনক ইন্দিৰা গান্ধী মন্ত্ৰীসভা (Union Ministers)ত শিক্ষামন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । ইয়াৰ পাছত পাছত ১৯৯১ চনত পশ্চিম ত্ৰিপুৰা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱা সন্তোষ মোহন দেৱক কেন্দ্ৰীয় ইস্পাত মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) দিয়া হয় । কিন্তু ড০ সেন আৰু দেৱ দুয়ো ক্ৰমে কলকাতা আৰু শিলচৰ আছিল কিন্তু প্ৰতিমা ভৌমিক (Pratima Bhowmik) কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে শীৰ্ষ পদৱী লাভ কৰা ত্ৰিপুৰাৰ প্ৰথমগৰাকী স্থায়ী বাসিন্দা ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ, উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মণ আৰু বিজেপিৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে ছ'চিয়েল মিডিয়াত সাংসদগৰাকীক অভিনন্দন জনায় । উল্লেখ্য যে, প্ৰতিমা ভৌমিকে (Pratima Bhowmik) দৰিদ্ৰ আৰু আৰ্তজনক কৰা সহায়ৰ বাবে তেওঁক "দিদি" উপাধি অৰ্জন কৰিছিল ।

লগতে পঢ়ক : মোডী কেবিনেট 2.0: সাতগৰাকী মহিলাৰ অন্তৰ্ভুক্তি

Last Updated : Jul 8, 2021, 8:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.