ETV Bharat / bharat

ত্ৰিপুৰাৰ মন্ত্ৰীসকলে যুৱচামক হিংসাত্মক কাৰ্যৰ বাবে হেঁচা দিয়াৰ অভিযোগ মাণিক সৰকাৰৰ

author img

By

Published : Aug 22, 2022, 4:34 PM IST

নিবনুৱা যুৱকসকলক হিংসাত লিপ্ত হ'বলৈ হেঁচা দিয়াৰ বাবে ৰাজ্যখনৰ কেবিনেট মন্ত্ৰীসকলৰ এটা অংশক তীব্ৰ সমালোচনা কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে (former Chief Minister of Tripura Manik Sarkar) । লগতে ঘৰবোৰত হোৱা আক্ৰমণক 'ৰাজনৈতিক ডকাইতি' বুলি অভিহিত কৰে (Manik Sarkar termed attacks on houses Political Dacoity)।

Manik Sarkar
Manik Sarkar

নিউজ ডেস্ক, ২২ আগষ্ট : ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে (former Chief Minister of Tripura Manik Sarkar) শনিবাৰে নিবনুৱা যুৱকসকলক হিংসাত লিপ্ত হ'বলৈ হেঁচা দিয়াৰ বাবে ৰাজ্যখনৰ কেবিনেট মন্ত্ৰীসকলৰ এটা অংশক তীব্ৰ সমালোচনা কৰে । লগতে ঘৰবোৰত হোৱা আক্ৰমণক 'ৰাজনৈতিক ডকাইতি' বুলি অভিহিত কৰে (Manik Sarkar termed attacks on houses Political Dacoity)।

শনিবাৰে নিশা জীৰানিয়া মহকুমাত বিজেপি সমৰ্থিত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হয় দুটা বাসগৃহ (Attack allegedly by BJP backed miscreants in Tripura) ৷ বিৰোধী দলৰ নেতা মাণিক সৰকাৰে প্ৰাক্তন মন্ত্ৰী মাণিক দে, পবিত্ৰ কৰ, চিপিআইএম পশ্চিম জিলা সমিতিৰ সম্পাদক ৰতন দাস আৰু ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ (Tripura Tribal Areas Autonomous District Council) প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্যৰ সৈতে উক্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত এই মন্তব্য কৰে । এই সমষ্টিটো হৈছে তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰীৰ সমষ্টি (Information and Cultural Affairs Minister of Tripura Sushanta Chowdhury) ।

চিপিআইএম নেতাসকলে চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সদস্য মধুসূদন দাস আৰু এসময়ৰ বিজেপিৰ এজন সক্ৰিয় কৰ্মী তথা বৰ্তমান কংগ্ৰেছ সদস্য কেশৱ সৰকাৰক সাক্ষাৎ কৰে । উল্লেখ্য, এই ব্যক্তি দুগৰাকীৰ ঘৰত শুকুৰবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰে ।

উক্ত আক্ৰমণক 'ৰাজনৈতিক ডকাইতি' বুলি অভিহিত কৰি মাণিক সৰকাৰে কয়, ‘‘আক্ৰমণৰ নামত তেওঁলোকে (বিজেপি) শুকুৰবাৰে নিশা তেওঁলোকৰ ঘৰৰ পৰা সোণৰ অলংকাৰ, ধন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী লুটি লৈ যায় । এইটো এটা ৰাজনৈতিক ডকাইতিৰ বাহিৰে আন একো নহয়’’ । কেশৱ সৰকাৰে কয় যে, তেওঁ বিজেপিৰ সৈতে আছিল, কিন্তু দলৰ কাৰ্যকলাপত সুখী নাছিল । আৰু সেয়ে কংগ্ৰেছত যোগদান কৰে । ইয়াত ভুল কি আছে ? যিসকলে বিজেপি এৰিছে তেওঁলোক নিৰন্তৰ আক্ৰমণৰ সন্মুখীন হৈছে । চিপিআইএমৰ ওপৰত আক্ৰমণ ২০১৮ চনৰ পৰা আৰম্ভ হৈছে (Attacks on CPIM and congress workers in Tripura) ।

‘‘বিজেপিয়ে এনে আক্ৰমণ কৰি তেওঁলোকৰ পৰিচয় বচাব পাৰিবনে ? আমাৰ নেতা মধুসূদন দাসৰ ঘৰটোও আক্ৰমণৰ সন্মুখীন হয় আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ৬০ জনতকৈও অধিক যুৱক আহি পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকৰ ঘৰ লুটি লৈ যায় ।" মাণিক সৰকাৰে এই অভিযোগ কৰে ।

উল্লেখ্য যে, তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাকো সমালোচনা কৰে আৰু দাবী কৰে যে মুখ্যমন্ত্ৰীৰ মুখ সলনি কৰাৰ পিছতো ত্ৰিপুৰাৰ পৰিস্থিতিত তেনে কোনো পৰিৱৰ্তন হোৱা নাই (Manik Sarkar slammed chief minister Manik Saha) ।

"পৰিস্থিতি দিনক দিনে বেয়া হৈ গৈ আছে । আমি এনে ঘটনাক তীব্ৰ গৰিহণা দিছোঁ । এনে এগৰাকী নেতাৰ বাবে এয়া লাজৰ বিষয় যিয়ে এতিয়া কেবিনেট পদত অধিষ্ঠিত হৈ হিংসাৰ আয়োজন কৰিছে । চাকৰি, শিক্ষা প্ৰদান কৰাৰ বিপৰীতে এই নেতাসকলে এতিয়া যুৱক-যুৱতীসকলক হিংসাত লিপ্ত হ'বলৈ হেঁচা দি আছে । এইটো ভয়ৰ প্ৰতিফলন । কিয়নো তেওঁলোকে মাটি হেৰুৱাবলৈ আৰম্ভ কৰিছে আৰু মানুহৰ সমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰিছে ।" ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে লগতে এই দাবী কৰে ।

লগতে পঢ়ক :যোগীক শিৰচ্ছেদ কৰিব পাৰিলে দুই কোটি টকাৰ পুৰস্কাৰ ঘোষণা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.