ETV Bharat / bharat

অস্ত্ৰসহ ত্ৰিপুৰাত নিষিদ্ধ ঘোষিত সংগঠনেৰে জড়িত 4 জনক আটক - বৃহৎ পৰিমানৰ অস্ত্ৰ-সস্ত্ৰ জব্দ

ত্ৰিপুৰাত আৰক্ষীৰ জালত নিষিদ্ধ ঘোষিত সংগঠনৰ 4 জন লোকক আটক ৷ আটকাধীন লোক কেইজনৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-সস্ত্ৰ জব্দ ৷ আৰক্ষী থানাত গোচৰ ৰুজু ৷

অস্ত্ৰ-সস্ত্ৰসহ ত্ৰিপুৰাত 4 আটক
অস্ত্ৰ-সস্ত্ৰসহ ত্ৰিপুৰাত 4 আটক
author img

By

Published : Jan 12, 2021, 10:53 PM IST

নেশ্যনেল ডেস্ক,12 জানুৱাৰী : ত্ৰিপুৰাৰ তাকাৰজালা আৰক্ষীয়ে মঙলবাৰে নিষিদ্ধ ঘোষিত সংগঠন NLFTৰ সৈতে জৰিত 4 জনকৈ লোকক আটক কৰে ৷ লোক কেইজনৰ পৰা কেইবাটাও অত্যাধুনিক মাৰণাস্ত্ৰ, আপত্তিজনক নথি-পত্ৰ আৰু কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, মঙলবাৰে পুৱা তেওঁলোকক তাকাৰজালা থানাৰ অধীনত অৰ্জুন ঠাকুৰ পাৰাৰ পৰা আটক কৰা হৈছে ৷

আটকাধীন লোক কেইজন হৈছে, লালদাংগা ৰেয়াং, জীৱন ৰেয়াং, গংগাৰাম ৰেয়াং আৰু সিংঘমণি ৰেয়াং ৷ এইসকলৰ ভিতৰত গংগাৰাম ৰেয়াঙক NLFT ৰ স্বয়ম্ভু লেফটেনেন্ট বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আনহাতে অসমৰ হাইলাকান্দি জিলাৰ সিংঘামনি ৰেয়াঙক NLFT ৰ সৈতে জৰিত নহয় বুলি কোৱাৰ লগতে আন এক নিষিদ্ধ ঘোষিত সংগঠন UDLFB ৰ লগত জৰিত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা 9 এম এম পিষ্টল, এটা পইন্ট 2 2 পিষ্টল, পইন্ট 2 2 পিষ্টলৰ এটা মেগজিন , 17 জাই সজীৱ গুলী, 20খন ধন দাবী পত্ৰ, বিদেশী কোম্পানীৰ দুখন চিম কাৰ্ড, দুখন ভাৰতীয় চিম কাৰ্ড, 4 টা ম'বাইল ফোন, চাৰ্জাৰ আৰু 730 টকাৰ নগদ ধন ৷

ইতিমধ্যে তাকাৰজালা আৰক্ষীয়ে লোক কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ৷ ত্ৰিপুৰা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ বহু কেইটা নিষিদ্ধ ঘোষিত সংগঠনে একলগ হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ হাইলাকান্দিৰ সিংঘমনি ৰেয়াঙৰ আটকৰ ঘটনাই এই কথাৰ প্ৰমাণ দিয়ে ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.