ETV Bharat / bharat

ক'ভিড-১৯: ত্ৰিপুৰাত যোৱা ২৪ ঘণ্টাত ৪ জনৰ মৃত্যু - ত্ৰিপুৰা ক’ভিড 19

দেশৰ ভিন্ন ৰাজ্যৰ লগতে ক'ভিড-১৯ৰ দ্বিতীয়ে ঢৌৱে ভাবুকি আনিছে ত্ৰিপুৰালৈ । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ১৩৩ জন লোক মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনতে কৰ'ণাই প্ৰাণ কাঢ়িলে ত্ৰিপুৰাৰ ৪ জন লোকৰ ।

TRIPURA LATEST COVID REPORT
ত্ৰিপুৰাত নতুনকৈ ১৩৩ জন লোক ক'ভিডত আক্ৰান্ত
author img

By

Published : May 11, 2021, 12:14 PM IST

নেশ্যনেল ডেস্ক, ১১ মে': ত্ৰিপুৰা চৰকাৰে ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে যদিও ৰাজ্যখনত বাঢ়িয়েই আছে দৈনিক আক্ৰান্তৰ সংখ্যা । বৰ্তমান ত্ৰিপুৰাত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৫০০ গৰাকী । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ১৩৩ জন লোক আক্ৰান্ত হোৱাৰ লগতে ৪ জন লোকৰ মৃত্যু হৈছে ।

ৰাজ্যখনত সংক্ৰমণ বৃদ্ধি পালেও স্বাস্থ্য কৰ্মীসকলৰ কষ্টৰ ফলত আৰোগ্যৰ হাৰ ৯২ শতাংশলৈ বৃদ্ধি পাইছে । চৰকাৰী তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত প্ৰায় ৩,৪৬০টা নমুনা পৰীক্ষা কৰা হৈছিল । ইয়াৰ ভিতৰত আৰ এ টিৰ জৰিয়তে ২৩৩০টা নমুনা আৰু আৰ টি পি চি আৰৰ জৰিয়তে ১১৩০ জন লোকৰ নমুনা পৰীক্ষণ কৰা হৈছিল ।

TRIPURA LATEST COVID REPORT
ত্ৰিপুৰাত নতুনকৈ ১৩৩ জন লোক ক'ভিডত আক্ৰান্ত

আনহাতে, ৰাজ্যখনত মাত্ৰ ১টা দিনৰ ভিতৰতে ৪ জনৰ মৃত্যু হৈছে । একে সময়তে যোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত ১৫০ জন ৰোগী আৰোগ্য হৈ উঠিছে আৰু আৰোগ্য হাৰ ৯২ শতাংশলৈ বৃদ্ধি পাইছে । ৰাজ্য চৰকাৰে পশ্চিম ত্ৰিপুৰা জিলাত এটা বিশেষ এণ্টিজেন পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছিল আৰু এই কেন্দ্ৰটোত এতিয়া আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ।

পশ্চিম ত্ৰিপুৰা জিলা নিৰীক্ষণ বিষয়া ড০ সংগীতা চক্ৰৱৰ্তী, এম পি এছ মৃণাল কান্তি আশ্বাৰ্জী আৰু আই ডি এছ পি সুভ্ৰংশু সাহাই সোমবাৰে এণ্টিজেন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ।

লগতে পঢ়ক:বৰ্তমানলৈকে মৰিগাঁৱৰ ৫টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.