নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : ত্ৰিপুৰাৰ সংযুক্ত বাছনি পৰীক্ষাত জিলিকিল ঈশিতা দাস । সোমবাৰে JEEৰ ত্ৰিপুৰা ব’ৰ্ডৰ ফলাফল ঘোষণা কৰা হয় । ক'ভিড-১৯ৰ সংক্ৰমণৰ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা পলমকৈ অনুষ্ঠিত হৈছিল । সেয়ে, নামভৰ্তিৰ প্ৰক্ৰিয়াতো পলম হৈছে ।
![Tripura Board of Joint Entrance Examination results declared](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-joint_21092021023417_2109f_1632171857_352.jpg)
চৰকাৰী তথ্য অনুসৰি, এই বছৰ মুঠ ৩,৭৮৮ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ পৰীক্ষাৰ্থী আছিল ২,৩৮৪ গৰাকী, অনুসূচিত জনজাতিৰ ৭২৬ গৰাকী আৰু অনুসূচীত জাতিৰ ৬৭৮ গৰাকী । পৰীক্ষা দুটা পৃথক শ্ৰেণীত অনুষ্ঠিত কৰা হৈছিল আৰু সেয়া হৈছে-পি চি এম (পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত) আৰু পি চি বি (পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান) ।
![Tripura Board of Joint Entrance Examination results declared](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-joint_21092021023417_2109f_1632171857_776.jpg)
পি চি এম শাখাৰ অধীনত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১,৫৬০ গৰাকী আৰু পি চি বি শাখাৰ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,০৮১ গৰাকী আছিল ।
যুটীয়া প্ৰৱেশ পৰিষদে দুয়োটা শাখাৰ শীৰ্ষ তিনিগৰাকী শিক্ষাৰ্থীৰ নাম ঘোষণা কৰিছে । ঈশিতা দাসে দুয়োটা শাখাতে সৰ্বাধিক নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে । এগৰাকী অসামৰিক অভিযন্তা হোৱাৰ আশা মনত পুহি ৰাখিছে ঈশিতা দাসে ।
![Tripura Board of Joint Entrance Examination results declared](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-joint_21092021023417_2109f_1632171857_376.jpg)
নবাৰুণ ভট্টাচাৰ্যই পি চি বি শাখাতত তৃতীয় স্থান লাভ কৰাৰ লগতে পি চি এম শাখাত দ্বিতীয় স্থান লাভ কৰে । আনহাতে, মানজিৎ মজুমদাৰে পি চি এম শাখাত তৃতীয় স্থান লাভ কৰে । পি চি বি শাখাত, সৌৰদীপ দাসে দ্বিতীয় স্থান লাভ কৰে ।