ETV Bharat / bharat

বৃটেইনৰ বজাৰত উপলব্ধ হ’ব ত্ৰিপুৰাৰ কঁঠাল

author img

By

Published : May 21, 2021, 6:20 PM IST

পোন প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাই আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ কঁঠাল ৰপ্তানি কৰিব । বৃহস্পতিবাৰে প্ৰায় ৩৫০ টা কঁঠালৰ চালান আগৰতলাৰ পৰা বৃটেইনলৈ পঠিওৱা হৈছে । চৰকাৰী সূত্ৰ অনুসৰি গুৱাহাটীৰ এটা ৰপ্তানি কোম্পানীয়ে প্ৰতিটো কঁঠালৰ মূল্য ৩০ টকা ধাৰ্য কৰিছে । ত্ৰিপুৰাৰ কঁঠাল বৃটেইনলৈ ৰপ্তানি কৰাৰ বাবে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ (এপিইডিএ) পৰা অনুমোদন লাভ কৰাৰ পিছতে এই পদক্ষেপ লোৱা হৈছে ।

Tripura Jackfruit
বৃটেইনলৈ ৰপ্তানি ত্ৰিপুৰাৰ কঁঠাল

নেশ্যনেল ডেস্ক,২১ মে': আনাৰস আৰু নেমুৰ পিছত এইবাৰ বৃটেইনলৈ যাব ত্ৰিপুৰাৰ কঁঠাল । পোন প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাই আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ কঁঠাল ৰপ্তানি কৰিব । বৃহস্পতিবাৰে প্ৰায় ৩৫০ টা কঁঠালৰ চালান আগৰতলাৰ পৰা বৃটেইনলৈ পঠিওৱা হৈছে ।

ত্ৰিপুৰাৰ কৃষি মন্ত্ৰী প্ৰাণজিৎ সিংঘ ৰয়ে প্ৰথমে অফিচিয়েল টুইটাৰত এই কথা শ্বেয়াৰ কৰিছে । মন্ত্ৰীগৰাকীয়ে নিজৰ টুইটত উল্লেখ কৰা মতে, এইবেলি ইংলেণ্ডে ত্ৰিপুৰাৰ মিঠা কঁঠালৰ সোৱাদ পাব । এই সাফল্যৰ বাবে ৰাজ্যখনৰ কৃষক, কৃষি আৰু উদ্যান শস্য বিভাগক প্ৰশংসা কৰে কৃষি মন্ত্ৰীগৰাকীয়ে ।

চৰকাৰী সূত্ৰ অনুসৰি গুৱাহাটীৰ এটা ৰপ্তানি কোম্পানীয়ে প্ৰতিটো কঁঠালৰ মূল্য ৩০ টকা ধাৰ্য কৰিছে । ত্ৰিপুৰাৰ কঁঠাল বৃটেইনলৈ ৰপ্তানি কৰাৰ বাবে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ (এপিইডিএ) পৰা অনুমোদন লাভ কৰাৰ পিছতে এই পদক্ষেপ লোৱা হৈছে ।

Tripura Jackfruit
পোন প্ৰথমবাৰৰ বাবে বৃটেইনলৈ ৰপ্তানি ত্ৰিপুৰাৰ কঁঠাল

চেপাহিজালা জিলাৰ মেলাঘৰৰ কৃষি সংযোগ কৃষি প্ৰযোজক কোম্পানী লিমিটেডে গুৱাহাটীৰ কিয়েগা এক্সিমছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে কঁঠালৰ চালান প্ৰেৰণ কৰিছে । সমগ্ৰ প্ৰক্ৰিয়াটো বেছিক্স কৃষি সমৃদ্ধি লিমিটেডৰ সহযোগত কৰা হৈছে ।

ত্ৰিপুৰাৰ উদ্যান শস্য আৰু মাটি সংৰক্ষণ বিভাগৰ যুটীয়া সঞ্চালক ফণীভূষণ জামাতিয়াই জনোৱা মতে, বৃহস্পতিবাৰে এখন ৰে'লত ৩৫০ টা কঁঠাল গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ শুকুৰবাৰে এই সামগ্ৰী দিল্লী হৈ বৃটেইনলৈ ৰপ্তানি কৰা হ'ব । বিষয়াজনে কোৱা মতে ত্ৰিপুৰাত উৎপাদিত কঁঠালৰ বিশেষ সোৱাদে কোম্পানীটোক কঁঠাল ক্ৰয় কৰিবলৈ আকৰ্ষিত কৰিছিল । ইফালে, ইয়াৰ পূৰ্বে ৰাজ্যখনে ডুবাইলৈ আনাৰস ৰপ্তানি কৰিছিল ।

লগতে পঢ়ক: নাৰদা গোচৰত অভিযুক্ত চাৰি নেতাক গৃহবন্দী কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.