ETV Bharat / bharat

Narendra Modi in Tripura : ত্ৰিপুৰাক উত্তৰ-পূৱৰ গেটৱে’ হিচাপে গঢ়ি তোলাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 4, 2022, 8:58 PM IST

এদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi visits Tripura) মঙলবাৰে ত্ৰিপুৰাত নতুনকৈ সাজি উলিওৱা মহাৰাজা বীৰবিক্ৰম বিমান বন্দৰ (Maharaja Bir Bikram Airport in Tripura)ৰ নতুন টাৰ্মিনেল ভৱনৰ শুভ উদ্বোধন কৰে ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনাও উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Narendra Modi in Tripura
Narendra Modi in Tripura

নিউজ ডেস্ক, 4 ডিচেম্বৰ : ‘‘ত্ৰিপুৰা বৰ্তমান ব্যৱসায় আৰু উদ্যোগৰ নতুন কেন্দ্ৰ হৈ পৰাৰ লগতে এটা বাণিজ্যিক ক’ৰিডৰ হিচাপে পৰিগণিত হৈছে (Tripura new hub of trade and industry) ৷’’ ত্ৰিপুৰাত জনতাক সম্বোধি এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM Modi visits Tripura)মঙলবাৰে ত্ৰিপুৰাত নতুনকৈ সাজি উলিওৱা মহাৰাজা বীৰবিক্ৰম বিমান বন্দৰৰ (Maharaja Bir Bikram Airport in Tripura)নতুন টাৰ্মিনেল ভৱনৰ শুভ উদ্বোধন কৰে ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনাও উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

জনসাধাৰণক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে, সৱ কা সাথ, সৱ কা বিকাশ আৰু সৱকা প্ৰয়াস মূলমন্ত্ৰৰে এক বিংশ শতিকাত ভাৰত আগুৱাই গৈছে ৷ অসন্তুলিত উন্নয়নৰ বাবে কিছুমান ৰাজ্য পিছ পৰি ৰোৱা আৰু একাংশ লোকে মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হ’ব লগীয়া হোৱাতো উচিত নহয় ৷ বহু দশকজুৰি ত্ৰিপুৰাৰ ৰাইজে এয়া দেখি আহিছে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বৰ চৰকাৰৰ সময়ত ত্ৰিপুৰাত সংঘটিত অবাধ দুৰ্নীতি আৰু উন্নয়নৰ প্ৰতি চৰকাৰৰ গুৰুত্বহীনতাৰ কথা দোহাৰে ৷ তেওঁ কয় যে, এইসমূহৰ অৱসানৰ অন্ত পেলাই বৰ্তমানৰ শাসন ব্যৱস্থাই হীৰাৰ মন্ত্ৰ লৈ আহিছে ৷ HIRA ৰ অৰ্থ হ’ল ঘাইপথ, ইন্টাৰনেট, ৰেলৱে’ আৰু বিমান পৰিবহণ ৷ যিয়ে ত্ৰিপুৰাৰ যোগাযোগ ব্যৱস্থাক উন্নত কৰিছে ৷

বিমান বন্দৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই বিমান বন্দৰ হৈছে ত্ৰিপুৰাৰ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য তথা আধুনিক সা-সুবিধাৰ এক সংমিশ্ৰণ ৷ এই বিমান বন্দৰে উত্তৰ-পূৱৰ বিমান সেৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব ৷ ত্ৰিপুৰাক উত্তৰ-পূৱৰ গেটৱে’ হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি উল্লেখ প্ৰধানমন্ত্ৰীৰ ৷

ত্ৰিপুৰাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্য, মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, কেন্দ্ৰীয়মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়া, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মা আৰু ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক এই অনুষ্ঠানত উপস্থিত থাকে ৷

লগতে পঢ়ক : Naxalites attack on former MLA : প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়কলৈ গুলীচালনা নক্সালবাদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.