ETV Bharat / bharat

7th Economic Census : অৰ্থনৈতিক পিয়ল সম্পূৰ্ণ কৰা ত্ৰিপুৰা দেশৰ প্ৰথমখন ৰাজ্য - 7th Economic Census in India

দেশৰ ভিতৰতে প্ৰথমে ত্ৰিপুৰাই সম্পূৰ্ণ কৰিলে অৰ্থনৈতিক পিয়লৰ কাম (Tripura completes 7th economic Census)। সপ্তম অৰ্থনৈতিক পিয়লৰ প্ৰাথমিক তথ্য অনুসৰি, ত্ৰিপুৰাত ৪,৮৯,৯৯৫ টা ক্ষুদ্ৰ, মজলীয়া আৰু পৰিয়ালকেন্দ্ৰিক উদ্যোগ আছে য'ত প্ৰায় ৭,৮৪,৬৭১ গৰাকী লোকে নিযুক্তি লাভ কৰিছে ৷ অৰ্থনৈতিক পিয়ল সন্দৰ্ভত ত্ৰিপুৰাৰ সচিবালয়ত শীৰ্ষ পৰ্যায়ৰ বৈঠক ।

7th Economic Census
অৰ্থনৈতিক পিয়ল সম্পূৰ্ণ কৰা ত্ৰিপুৰা দেশৰ প্ৰথমখন ৰাজ্য
author img

By

Published : Jul 20, 2022, 4:58 PM IST

আগৰতলা,২০ জুলাই : সপ্তম অৰ্থনৈতিক পিয়লৰ (7th Economic Census in India) প্ৰতিবেদনৰ কাম দেশৰ বিভিন্ন ৰাজ্যত চলি আছে । অৱশ্যে এই প্ৰতিবেদন এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই । কিন্তু ইয়াৰ মাজতে উত্তৰ-পূৱৰ বাবে এক গৌৰৱৰ খবৰ । উত্তৰ-পূৱৰ অন্যতম ৰাজ্য ত্ৰিপুৰাই সম্পূৰ্ণ কৰিলে এই অৰ্থনৈতিক পিয়ল (Tripura completes 7th economic Census)।

ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ২০১৯ চনত ডিজিটেল প্লেটফৰ্মত ম'বাইল এপৰ জৰিয়তে কমন চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে ৭ম অৰ্থনৈতিক পিয়ল সম্পূৰ্ণ কৰা ত্ৰিপুৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে চিহ্নিত হৈছে । সোমবাৰে এই অৰ্থনৈতিক পিয়ল সন্দৰ্ভত ত্ৰিপুৰাৰ সচিবালয়ত এক শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় (Tripura holds high level meeting on Economic Census)। বুধবাৰে এক প্ৰেছ বিবৃতিযোগে ৰাজ্যখনৰ বিত্ত বিভাগে এই বৈঠকৰ বিষয়ে উল্লেখ কৰে ।

বিবৃত্তি অনুসৰি বৈঠকত বিত্ত সচিব ব্ৰজেশ পাণ্ডেয়ে সভাপতিত্ব কৰে । নগৰ উন্নয়ন বিভাগৰ সচিব কিৰণ গিটে, কৃষি বিভাগৰ সচিব অপূৰ্ব ৰয়, আৰক্ষী মহাপৰিদৰ্শক অৰিন্দম নাথ, ৰাজ্যখনৰ ৮ খন জিলাৰ জিলা দণ্ডাধীশ আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে ।

বৈঠকত বিত্ত আৰু পৰিসংখ্যা বিভাগৰ পৰা সপ্তম অৰ্থনৈতিক পিয়লৰ জিলা পৰ্যায়ৰ প্ৰতিবেদন প্ৰকাশ কৰা হয় । বৈঠকত বিভিন্ন বিভাগৰ সচিব আৰু উচ্চ পদস্থ বিষয়া, জিলা দণ্ডাধীশসকলে সপ্তম অৰ্থনৈতিক পিয়ল সন্দৰ্ভত তেওঁলোকৰ বিবৃতি প্ৰকাশ কৰে ৷ সপ্তম অৰ্থনৈতিক পিয়লৰ প্ৰাথমিক তথ্য অনুসৰি, ৰাজ্যখনত ৪,৮৯,৯৯৫ টা ক্ষুদ্ৰ, মজলীয়া আৰু পৰিয়ালকেন্দ্ৰিক উদ্যোগ আছে য'ত প্ৰায় ৭,৮৪,৬৭১ গৰাকী লোকে নিযুক্তি লাভ কৰিছে ৷

লগতে পঢ়ক :Tripura Tourism : ডাম্বুৰ হ্ৰদৰ বিকাশৰ বাবে ত্ৰিপুৰা চৰকাৰৰ পৰিকল্পনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.