ETV Bharat / bharat

ব'কাফা পঞ্চায়ত: ৬ জন সদস্যৰ অযোগ্যতাৰ নিৰ্দেশ বাতিল উচ্চ ন্যায়ালয়ৰ - অবৈধ আৰু সমৰ্থনযোগ্য

ত্ৰিপুৰাৰ ব'কাফা পঞ্চায়ত সমিতিৰ ৬ গৰাকী সদস্যৰ অযোগ্যতাৰ নিৰ্দেশ বাতিল কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে । দলৰ হুইপ উলংঘনৰ অভিযোগ উত্থাপিত হৈছিল সদস্যকেইজনৰ বিৰুদ্ধে ।

ব'কাফা পঞ্চায়তঃ ৬ জন সদস্যৰ অযোগ্যতা বাতিল উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Mar 23, 2021, 12:23 PM IST

নেশ্যনেল ডেস্ক, ২৩ মাৰ্চ: ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ বিচাৰপীঠে সোমবাৰে ব'কাফা পঞ্চায়ত সমিতিৰ ৬ গৰাকী সদস্যৰ অযোগ্যতাৰ নিৰ্দেশ বাতিল কৰে । পঞ্চায়ত সমিতিৰ অধ্যক্ষ শ্ৰীধামৰ অপসাৰণৰ সময়ত আটাইকেইজন সদস্যকে অযোগ্য বুলি ঘোষণা কৰা হৈছিল । এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, বিজেপি দলৰ এই ৬ জন সদস্যই শ্ৰীধামৰ বিৰুদ্ধে অবিশ্বাস জাননী দাখিল কৰিছিল ।

আটাইকেইগৰাকী সদস্যক জিলা দণ্ডাধীশৰ আদেশৰ জৰিয়তে অযোগ্য ঘোষণা কৰা হৈছিল আৰু কাৰণ দৰ্শোৱা হৈছিল যে, তেওঁলোকে দলৰ হুইপ উলংঘন কৰিছে । কিন্তু পিছত আদালতত প্ৰমাণিত হৈছিল যে, দলে আগৰ কোনো হুইপ জাৰি কৰা নাছিল । আদালতে ৰায়দান কৰা মতে, "আবেদনকাৰীসকলৰ মুখ্য বিবাদ হৈছে যে, আইনী ব্যৱস্থাৰ ক্ষেত্ৰত পঞ্চায়ত সমিতিৰ অধ্যক্ষক আঁতৰোৱাৰ প্ৰক্ৰিয়া কঠোৰভাৱে সম্পন্ন কৰা হৈছিল ।

লগতে আবেদনকাৰীসকলক অবিশ্বাস প্ৰস্তাৱৰ পক্ষত ভোটদান কৰাৰ পৰা বিৰত থাকিবলৈ দলৰ পৰা আহ্বান জনোৱা হোৱা নাছিল । সেয়ে, উক্ত পঞ্চায়ত সমিতিৰ সদস্যপদৰ বাবে তেওঁলোকৰ অযোগ্যতা আইনৰ দৃষ্টিত অবৈধ আৰু সমৰ্থনযোগ্য নহয় বুলি আদালতে ৰায় দিছিল । আদালতে জিলা দণ্ডাধীশৰ দ্বাৰা জাৰি কৰা আদেশটো বাতিল কৰে আৰু ইয়াৰ পিছত নিৰ্বাচিত পদত ৬ জন সদস্যক পুনৰ অধিষ্ঠিত কৰে ।

শীৰ্ষ ন্যায়ালয়ৰ পৰ্যবেক্ষণ আৰু ওপৰোক্ত আলোচনাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ আৰু উপায়ুক্তই বিগত বৰ্ষৰ ২৭ মাৰ্চত জাৰি কৰা আদেশত দলৰ হুইপ উলংঘনৰ অভিযোগত ব'কাফা পঞ্চায়ত সমিতিৰ সদস্যপদৰ পৰা আবেদনকাৰীসকলক অযোগ্য বুলি ঘোষণা কৰা হয় বুলি উল্লেখ কৰা হৈছে নিৰ্দেশৰ প্ৰতিলিপিত ।

লগতে পঢ়ক:মহিলা কেৱল হিতাধিকাৰীহে, হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.