ETV Bharat / bharat

দেশবাসীৰ সন্মুখত ত্ৰিপুৰাক কলংকিত কৰা হৈছে : Jishnu Dev Verma - ধৰ্মীয় হিংসা

সামাজিক মাধ্যমত প্ৰচাৰিত ত্ৰিপুৰাৰ ধৰ্মীয় হিংসাৰ বাতৰিয়ে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰশাসন আৰু চৰকাৰে এই ঘটনা সম্পূৰ্ণ মিছা বুলি প্ৰমাণ দিয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই (Jishnu Dev Verma)। ত্ৰিপুৰাৰ গৌৰৱময় ইতিহাস ম্লান নেপেলাবলৈ ভুৱা বাতৰি প্ৰচাৰ কৰা সকলক সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Jishnu Dev Verma
দেশবাসীৰ সন্মুখত ত্ৰিপুৰাক কলংকিত কৰা হৈছে
author img

By

Published : Nov 14, 2021, 2:15 PM IST

আগৰতলা, ১৪ নৱেম্বৰ : ত্ৰিপুৰাত শেহতীয়াকৈ প্ৰচাৰিত ভুৱা বাতৰি (Fake news) আৰু ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই (Jishnu Dev Verma) । তেওঁৰ মতে ৰাজ্যখনত একাংশই ভুৱা বাতৰি আৰু ভিডিঅ'ৰ জৰিয়তে স্বাৰ্থপৰায়ণ ৰাজনীতি (Narrow politics) কৰিছে । ত্ৰিপুৰাৰ মছজিদ আক্ৰমণৰ (Masjid attack) ভুৱা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাৰ সাংস্কৃতিক ঐতিহ্য আৰু গৌৰৱ কলুষিত কৰাৰ এই প্ৰচেষ্টা অত্যন্ত নিন্দনীয় ।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে এইবোৰ সহ্য নকৰে । প্ৰৰোচিত মন্তব্য আৰু এই ধৰণৰ কাৰ্যকলাপৰ দ্বাৰা দেশত ত্ৰিপুৰাক লাঞ্ছিত কৰাৰ চেষ্টা কৰা হৈছে । কিন্তু ৰাজ্য চৰকাৰে ত্ৰিপুৰাক লাঞ্ছিত হ'বলৈ নিদিয়ে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে ত্ৰিপুৰাত সকলো ধৰ্মৰ মানুহে শান্তিপূৰ্ণভাৱে বসবাস কৰে আৰু এই ইতিহাস ম্লান পেলোৱা কোনো ধৰণৰ ধৰ্মীয় হিংসা (religious riot) আজিলৈ ৰাজ্যখনত সংঘটিত হোৱা নাই বুলিও তেওঁ দাবী কৰে ।

তেওঁ লগতে কয় যে বিৰোধীৰ সমালোচনা শাসকীয় পক্ষই সদায় স্বাগতম জনাই আহিছে কিন্তু এয়া সম্পূৰ্ণ ষড়যন্ত্ৰ (conspiracy)। ত্ৰিপুৰাত ভুৱা বাতৰি বিয়পোৱা আৰু মহাৰাষ্ট্ৰত এক প্ৰতিবাদী শোভাযাত্ৰাত সংঘটিত ঘটনাক তেওঁ গৰিহণা দিয়ে । ইয়াৰোপৰি তেওঁ সকলোকে যিকোনো ধৰণৰ সাম্প্ৰদায়িক বিভেদ সৃষ্টিকাৰী ভুৱা বাতৰিক বিশ্বাস কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :সামাজিক মাধ্যমত উৰা বাতৰি বিয়পোৱা ব্যক্তিৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.