ত্ৰিপুৰা, 25 এপ্ৰিল : ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ দেবপুৰ গাঁৱত অৱস্থিত দেবিপুৰ প্ৰজনন ফাৰ্মৰ গাহৰিৰ দেহত মাৰাত্মক আফ্ৰিকান ছোৱাইন ফ্লু ধৰা পৰাৰ পিছত দেওবাৰে চৰকাৰে প্ৰায় ২৫০টা গাহৰি আৰু গাহৰি পোৱালি হত্যা কৰে(Tripura government has completed the culling process of pigs) । এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি শনিবাৰৰ পৰা গাহৰিবোৰৰ মৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।
গাহৰিবোৰ হত্যা কৰা সময়ত পশু সম্পদ উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়া, আৰক্ষী বিষয়া উক্ত স্থানত উপস্থিত আছিল । সংক্ৰমিত গাহৰিবোৰক হত্যা কৰিবলৈ বিষাক্ত ঔষধৰ বেজী দিয়া হয় আৰু ইয়াৰ পাছত এক নিৰ্দিষ্ট স্থানত গাহৰিবোৰ সমাধিস্থ কৰা হ'ব ।
এ আৰ ডি ডিৰ মন্ত্ৰী ভগবান চন্দ্ৰ দাসে ছোৱাইন ফ্লু’ত আক্ৰান্ত গাহৰিবোৰৰ হত্যা কৰা প্ৰক্ৰিয়া দেওবাৰে প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে । তেওঁ লগতে ফাৰ্মত আফ্ৰিকান ছোৱাইন ফ্লু’ত ধৰা পৰাৰ(Swine flu detected in Tripura) পাছত প্ৰায় ২৫০ টা গাহৰি হত্যা কৰাৰ লগতে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা অঞ্চলবোৰৰ পৰা প্ৰায় 30 টা গাহৰি নিষ্কাশন কৰাৰ কথাও জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : Swine flu detected in Tripura : ছোৱাইন ফ্লুত আক্ৰান্ত 63 টা গাহৰিৰ মৃত্যু