আগৰতলা, 13 এপ্ৰিল : আগৰতলা চহৰৰ যোগেন্দ্ৰনগৰত অৱস্থিত বিৰোধী চিপিআইএমৰ এটা দলীয় কাৰ্যালয়ত সোমবাৰে নিশা কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ নিশা জুই লগাৰ লগে লগে স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ এই অগ্নিসংযোগৰ ঘটনাৰ পাছতে বিজেপিৰ সমৰ্থিত দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে চিপিআইএম নেতাই ৷
উল্লেখ্য যে, 2018 চনত বিজেপি ৰাজ্যখনত ক্ষমতালৈ অহাৰ পাছতে উক্ত কাৰ্যালয়তো এইবাৰ ষষ্ঠবাৰৰ বাবে আক্ৰমণৰ সন্মুখীন হ‘বলগীয়া হৈছে ৷ বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: তিহাৰ কাৰাগাৰত বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্য়া